সত্যতা নিৰূপণ : নহয়, ভাৰতে এছ-৪০০ (S-400) প্ৰতিৰক্ষা ব্যৱস্থা পাকিস্তানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল বুলি স্বীকাৰ কৰা নাই

0 305

এছ-৪০০ (S-400) বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ এখন ছবি সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে এই দাবীৰে যে ভাৰতে স্বীকাৰ কৰিছে যে তেওঁলোকৰ এছ-৪০০ (S-400) পাকিস্তানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে একেধৰণৰ দাবী শ্বেয়াৰ কৰিছে: ভাৰতে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছে যে তেওঁলোকৰ এছ-৪০০ চিষ্টেম পাকিস্তানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল। #ভাৰত #পাকিস্তান #এছ৪০০ #প্ৰতিৰক্ষা


ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

আনুষংগিক মূল শব্দ ব্যৱহাৰ কৰি গুগল সন্ধান চলোৱাত নিউজ মোবাইলৰ দলে ভাৰতীয় সশস্ত্ৰ বাহিনী বা ভাৰত চৰকাৰৰ পৰা এছ-৪০০ চিষ্টেমৰ কোনো ক্ষতিৰ বিষয়ে কোনো বিশ্বাসযোগ্য প্ৰতিবেদন বা আনুষ্ঠানিক তথ্য লাভ কৰা নাই।

আমি এছত পিআইবি ফেক্ট চেকৰ এটা পোষ্টো পাইছিলোঁ, য’ত স্পষ্ট কৰা হৈছে যে এছ-৪০০ চিষ্টেম পাকিস্তানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ মিছা আৰু ভিত্তিহীন। পোষ্টটোত লগতে উল্লেখ কৰা হৈছে যে প্ৰচাৰিত ছবিখন আচলতে ২০১০ চনৰ মে’ৰ। ৰাছিয়াত অনুষ্ঠিত এখন বিজয় পেৰেডৰ দৃশ্য এয়া।

এনেদৰেই স্পষ্ট যে ভাৰতে পাকিস্তানৰ দ্বাৰা তেওঁলোকৰ এছ-৪০০ চিষ্টেমৰ কোনো ক্ষতি সাধন হোবাৰ কথা স্বীকাৰ কৰা নাই। ভাইৰেল দাবীটো সম্পূৰ্ণৰূপে মিছা।