সত্যতা নিৰূপণ : নহয়, আলিয়া আৰু ৰনবীৰৰ গোমাংস খোৱাৰ অভ্যাসৰ বাবে যশে ৰামায়নৰ কাম এৰি যোৱা নাছিল

0 264

অভিনেতা যশৰ এখন ফটো শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনৰ সৈতে বহুজনে মন্তব্য কৰিছে যে ৰনবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ গোমাংস খোৱা অভ্যাসৰ বাবে তেওঁ ৰামায়নত কাম নকৰে বুলি ওলাই গৈছে। ভাইৰেল পোষ্টটোত আলিয়াই সীতাৰ অভিনয় কৰিব বুলিও দাবী কৰিছে।

ফেচবুক ব্যৱহাৰকাৰী এজনে একে ধৰণৰ দাবীৰে লিখিছে: বলিউডৰ অভিনেতা অজয় দেবগন, শ্বাহৰুখ খান, অক্ষয় কুমাৰ, হৃত্বিক ৰোশন,  অমিতাভ বচ্চন, ৰনবীৰ সিঙে ৫টকীয়া গুটখাৰ কাৰণে আত্মসন্মান শেষ কৰি দিলে।  ইয়াৰ বিপৰীতে ভাৰতৰ প্ৰখ্যাত অভিনেতা, (KGF) খ্যাত ৰকী ভায়ে নিতেশ কুমাৰৰ ছবি ৰামায়নত ৰাৱনৰ চৰিত্ৰত অভিনয় নকৰে বুলি জনাই দিছে।

যশে তেওঁলে যোবা প্ৰস্তাৱটো প্ৰত্যান কৰাৰ কাৰণ হিচাপে কৈছে, ছবিখনত ৰামৰ চৰিত্ৰত অভিনয় কৰা ৰনবীৰ কাপুৰ আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা আলিয়া ভাট্টে ধৰ্মৰ বিপৰীতে গৈ গোমাংস ভক্ষণ কৰে বাবেই তেওঁলোকৰ সৈতে কাম নকৰে। এয়া কেৱল টকাৰ বাবেই মাককো বলাত্কাৰ কৰিবলৈ দিয়া বলিউডৰ অভিনেতাসকলৰ গালত এয়া প্ৰচণ্ড চৰ।


ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাওক।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

মূল শব্দ বা কী ৱৰ্ড ব্যৱহাৰ কৰি গুগলত অনুসন্ধান কৰাত নিউজ মোবাইলৰ দলে এনে ধৰণৰ কোনো বাতৰি বা যশে ৰাজহুৱাকে এই ধৰণৰ কোনো তথ্য প্ৰকাশ কৰা দেখা নাপালে।  আমি যশৰ সামাজিক মাধ্যমৰ একাউণ্টবোৰো চালো। তাত এটা পোষ্টত ৰামায়নৰ পোষ্টাৰ এখন দেখা পালো। ইয়ে তেওঁ যে ছবিখনৰ সৈতে জৰিত সেয়া প্ৰমাণ কৰে।

 

View this post on Instagram

 

A post shared by Yash (@thenameisyash)

ৰামায়নৰ টীজাৰ চাওতেও তাত যশৰ নামটো দেখা পালো। ইয়াৰোপৰি টীজাৰত অভিনেতাজনকো দেখা গৈছে। এয়াও তেওঁ যে ছবিখনত আছে তাৰ প্ৰমাণ।

উল্লেখ্য যে আলিয়া ভাট্ট এই ছবিখনৰ সৈতে জৰিতই নহয়। সীতাৰ ভাৱত অভিনয় কৰিছে ছাই পল্লৱীয়ে।

এই তথ্যসমূহেই প্ৰমাণ কৰে যে যশে ৰামায়নত অভিনয় নকৰা বুলি প্ৰচাৰ হোবা পোষ্টটো ভুৱা।

If you want to fact-check any story, WhatsApp it now on ‪+91 11 7127 9799‬