সত্যতা নিৰূপণ : দেৱালীৰ উপহাৰ স্বৰূপে মহিলাসকললৈ ১০০০০টকাকৈ আগবঢ়োৱা কথাটো এটা কেলেংকাৰীহে

0 430

১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাসকলে চৰকাৰৰ পৰা দীপাৱলীৰ উপহাৰ হিচাপে ১০,০০০ টকাকৈ লাভ কৰিব বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওত দেখা গৈছে যে এজন এংকৰে এই কথা ঘোষণা কৰিছে আৰু দর্শকসকলক এই টকা লাভৰ বাবে আবেদন কৰিবলৈ এটা ৱেবছাইটলৈ গৈ প্ৰ-পত্ৰ পূৰ  কৰিবলৈ আহ্বান জনাইছে। 

 এংকৰে ভিডিঅ’ত কৈছে —

“এই দীপাৱলীত আপুনি এটা বহুত ডাঙৰ উপহাৰ পাব। হʼয় বন্ধুসকল, এই দীপাৱলীত চৰকাৰে সকলো মহিলাক ১০,০০০ টকাকৈ উপহাৰ দিছে।  আপোনাৰ ঘৰতো যদি ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ মাজত কোনো মহিলা আছে, তেন্তে আমাক ফল’ কৰক আৰু কমেণ্টত সেই মহিলাৰ বয়স লিখক। এতিয়া গুগলত ‘বজাৰ’ লিখি এই ৱেবছাইটটো খোলক, তললৈ গৈ ‘মহিলা লোন’ চাৰ্ছ কৰি এই প’ষ্টটো খোলক। তাৰ পিছত তললৈ গৈ প্ৰ-পত্ৰ পূৰ কৰিলেই আপুনি টকাটো পাব।”

 

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

মূল শব্দ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত এনে কোনো আঁচনি সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা কোনো ঘোষণা বা বিশ্বাসযোগ্য বাতৰি দেখা নগ’ল।

ভিডিঅ’ত শ্বেয়াৰ কৰা লিংক bazartak.net  –এ আন এটা সন্দেহজনক ৱেবছাইটলৈ পুনৰ্নিৰ্দেশিত দিছে, ইয়াত ব্যক্তিগত যিবোৰ তথ্য বিচৰা হৈছিল তালৈ লক্ষ্য কৰিলে অনুমান কৰিব পাৰি এয়া কোনো প্ৰবঞ্চনাৰ জালৰ সংকেত।

ভাইৰেল ভিডিওটো  বিশ্লেষণৰ পাছত দেখা গৈছে যে ই AI দ্বাৰা সৃষ্ট কৰা সম্পাদিত ভিডিও।  য’ত ওঁঠ বা মুখাৱয়বৰ  অসংগতি, কৃত্ৰিম শব্দ, আৰু অস্বাভাৱিকভাৱে মসৃণ ভিজুৱেল দেখা গৈছে।

AI চিনাক্তকৰণ সজুলি Hive Moderation-ৰ  দ্বাৰা পৰীক্ষা কৰাত নিশ্চিত কৰিছে যে ভিডিঅ’টো AI-দ্বাৰা সম্পাদনা কৰা হৈছে।

শেষত ক’ব পাৰি যে  চৰকাৰে ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাসকলক দীপাৱলীৰ উপহাৰ হিচাপে ১০,০০০ দিব এই তথ্য সম্পূৰ্ণভাৱে ভুৱা। এইটো এটা প্ৰতাৰণামূলক ষড়যন্ত্ৰ, য’ত AI-দ্বাৰা সৃষ্ট ভিডিঅ’ ব্যৱহাৰ কৰি ব্যক্তিগত তথ্য সংগ্ৰহৰ চেষ্টা কৰা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799