সত্যতা নিৰূপণ : দক্ষিণ আফ্ৰিকাৰ ক্রিকেটাৰ তাজমিন ব্ৰিটছৰ ধনু-কাঁড় মৰাৰ ভংগীটোৰ সৈতে ভাৰত বা ভগৱান ৰামৰ কোনো সম্পৰ্ক নাই

0 1,276

দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেটাৰ তাজমিন ব্ৰিটছক পিচত এটা কাল্পনিক তীৰ লক্ষ্য কৰি থকাৰ এখন ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। দাবী কৰা হৈছে যে, পাকিস্তানৰ বিপক্ষে হোৱা এটা খেলত তেওঁ ভাৰত আৰু ভগৱান ৰামক সমৰ্থন জনাবলৈ এই ভংগী কৰিছিল।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এই ভাইৰেল ভিডিঅ’টো পোষ্ট কৰি লিখিছে: “জয় শ্ৰী ৰাম বুলি কোৱা! ভাৰতক সমৰ্থন কৰক আৰু পাকিস্তানীক জয় শ্ৰী ৰামৰ ধনুক-কাঁড় দেখুৱাওক। স্মৰ্তব্য: সকলো দেশেই পাকিস্তানক ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে।”

ওই পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

আমিতে একে ভিডিওটো আইচিচিৰ নিজা ইনষ্টাগ্ৰাম পে’জ(ICC)ত ৬ অক্টোবৰত প্ৰচাৰ কৰা দেখা পাইছো।  ইয়াৰ শিৰোনামত আছিল- “তাজমিন ব্ৰিটছে নিউজিলেণ্ডৰ বিপক্ষে শতক প্ৰাপ্তি কৰিছিল, পাকিস্তানৰ বিপক্ষে নহয়।”

প্ৰকাশিত তথ্য অনুসৰি, খেলখন অক্টোবৰ ৬ অক্টোবৰত ইণ্ডোৰত অনুষ্ঠিত হৈছিল। দ্য হিন্দু কাকতত প্ৰকাশিতএটা সাক্ষাৎকাৰত ব্ৰিটছে স্পষ্টকৈ কৈছিল যে তেওঁৰ দুজন অনুৰাগীয়ে তেওঁ শতক অৰ্জন কৰিলে এনে দৰে আনন্দ প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিছিল। সেয়ে, এই বিশেষ ভংগীটো তেওঁৰ অনুৰাগীসকলক এনেদৰেই সন্মান জনাইছিল, এয়া কোনো ৰাজনৈতিক বা ধৰ্মীয় মন্তব্য নহয়।

এই বিষয়ে বাখ্যা থকা clip of Brits ৰ এটা ভিডিও ক্লিপ অনলাইনত উপলব্ধ।

উল্লেখযোগ্য যে মিছৰৰ ফুটবল খেলুৱৈ মহম্মদ ছালাহেও  পূৰ্বে একে ধৰণৰ ধনু-কাড় মৰা ভংগীৰে আনন্দ  প্ৰকাশ কৰিছিল। ব্ৰিটছে নিজেও পূৰ্বৰ শতক আৰু অৰ্ধ-শতক প্ৰাপ্তিৰ সময়ত বিভিন্ন ধৰণৰ ভংগীৰে আনন্দ প্ৰকাশ কৰিছে।

সেয়ে, এই তথ্যসমূহৰ পৰা ক’ব পৰা যায় যে পাকিস্তানৰ বিপক্ষে হোৱা খেলত ভাৰত আৰু ভগৱান ৰামক সমৰ্থন জনাবলৈ দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ তাজমিন ব্ৰিটছে এই ভংগী কৰিছিল বুলি দাবী কৰা ভাইৰেল পোষ্টটো ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799