সত্যতা নিৰূপণ : দক্ষিণ আফ্ৰিকাত ৬০০০ বছৰ পুৰণি শিৱলিংগ উদ্ধাৰ হৈছে নেকি? সত্য জানিবলৈ পঢ়ক

0 261

দক্ষিণ আফ্ৰিকাৰসুদৱালা গুহত ৬০০০ বছৰ পুৰণি শিৱলিংগ আৱিস্কাৰ হোৱা বুলি দাবী কৰা, ভিডিওসহ এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছে :  দক্ষিণ আফ্ৰিকাত ৬০০০ বছৰ পুৰণি এই শিৱলিংগটো উদ্ধাৰ কৰা হৈছে। এটা ৰহস্যময় গুহাত ইয়াৰ সৈতে অইন মূৰ্তিও দেখা গৈছে। ইয়াত কোনো সন্দেহ নাই যে সনাতন ধৰ্ম আটাইতকৈ পুৰণি ধৰ্ম আৰু অনাদি কালৰে পৰা চলি অহা। ৱহুতে এই ধৰ্ম ধ্বংস কৰিবলৈ বহুবাৰ চেষ্টা কৰিছিল যদিও বিফল হৈছে। হৰ হৰ মহাদেৱ।

ওপৰৰ পোষ্টটো ইয়াত  (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী-ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে শিৱলিংগটো প্ৰকৃততে মহাৰা,্ট্ৰৰ সাতাৰাৰ বুলি স্পষ্ট কৰা এটা  Instagram পোষ্ট দেখা পালো। 

ইয়াৰোপৰি পতেশ্বৰ মন্দিৰৰ YouTube ভিডিওতো ভাইৰেল ভিডিওটো দেখা গৈছে।

ভাইৰেল লেখাটোত উল্লেখ কৰা  দ্বিতীয়টো শিৱলিংগটো কেৰালাৰ তিৰুৱন্তপুৰমৰ আঝিমালাৰ শিৱ মন্দিৰত আছে।  আনহাতে  ফটোত থকা তৃতীয়টো শিৱলিংগৰ  waকৰ্ণাটকৰ মহীশূৰৰ সোমনাথপুৰাৰ চেন্নাকেশৱ মন্দিৰত আছে।

এনেদৰেই স্পষ্ট হয় যে দক্ষিণ আফ্ৰিকাৰ সুদৱালাত ৬০০০ বছৰ পুৰণি শিৱলিংগ আবিস্কাৰ হোৱা বুলি দাব কৰা পোষ্টটো অসত্য, এই শিৱলিংগটো ভাৰতে মন্দিৰ এটাত আছে।