তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনত মুখ্যমন্ত্ৰীজনে নিৰ্বাচনৰ পূৰ্ৱে কৰা কংগ্ৰেছৰ ৬টা প্ৰতিশ্ৰুতিলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ৰ বুলি দাবী কৰা হৈছে।
ফেচবুকত শ্বেয়াৰ কৰা ফটোখনৰ কেপচনত আছে: তেলেংগানাত ৰাইজে এতিয়া দৃষ্টি খানৰ গ্ৰেচ ৰুল গাবলৈ ওলাইছে…

ওপৰৰ পোষ্ট (আৰ্কাইভ)টোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।
তেলেংগানা মুখ্যমন্ত্ৰী কাৰ্যালয় (CMO)ৰ সামাজিক মাধ্যমৰ একাউণ্টবোৰত অনুসন্ধান কৰাত ১৯ ফেব্ৰুৱাৰীত ফেচবুকত পোষ্ট কৰা একে ধৰণৰ এখন ফটো নিউজ মোবাইলৰ দলে দেখিলে। তাৰ কেপচনত আছিল মুখ্যমন্ত্ৰী ৰেড্ডিয়ে ছত্ৰপতি শিৱাজীৰ জন্মজয়ন্তী উপলক্ষে জুবিলী হিলছত শ্ৰদ্ধাঞ্জলি জনাইছে।
ৰেবন্ত ৰেড্ডিৰ টুইটাৰ হেণ্ডেলতো একেটা অনুষ্ঠানৰে আন ফটোকেইখনমান দেখা পালো। এই ফটোকেইখনতো মুখ্যমন্ত্ৰীজনক একেই সাজতে দেখা গৈছে, যাৰ সহায়ত দুয়োখন ফটো একে অনুষ্ঠানৰ বুলি বুজিব পাৰি।
ఛత్రపతి శివాజీ మహారాజ్ జయంతి సందర్భంగా ఆ మహనీయుడి చిత్రపటానికి పుష్పాంజలి ఘటించి నివాళి అర్పించడం జరిగింది.
ఈ కార్యక్రమంలోమంత్రి శ్రీ శ్రీధర్ బాబు,
ఎమ్మెల్యేలు శ్రీ వాకాటి శ్రీహరి, శ్రీ బండ్ల కృష్ణ మోహన్ రెడ్డి తదితరులు పాల్గొన్నారు.#ShivajiMaharajJayanti #ShivajiMaharaj… pic.twitter.com/13kZLA3zst— Revanth Reddy (@revanth_anumula) February 19, 2025
উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টী (BJP) আৰু ভাৰত ৰাষ্ট্ৰ সমিতি (BRS)য়ে কংগ্ৰেছে তেওঁলোকৰ ৬টা প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ সময়তে এই পোষ্টটো ভাইৰেল হৈছে।
এই প্ৰমাণসমূহৰ পৰাই স্পষ্ট হয় যে ৰেৱন্ত ৰেড্ডিয়ে কংগ্ৰেছৰ প্ৰতিশ্ৰুতি পত্ৰক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বুলি দাবী কৰা ফটোখন ভুৱা।

