সত্যতা নিৰূপণ:    তুৰস্কত ‘বেটমেন, জ’কাৰ আৰু স্পাইডাৰ মেনৰ’ প্ৰতিবাদৰ ফটো ভুৱা

0 270

তুৰস্কত ইনষ্টানবুলৰ মেয়ৰ তথা ৰাষ্ট্ৰপতি ৰেচেপ তাঈপ এৰ্ড’গানৰ সুহৃদ এক্ৰাম ইমাম’গ্ল’ৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে জনপ্ৰিয় কমিকৰ চৰিত্ৰ বেটমেন, জ’কাৰ আৰু স্পাইডাৰ-মেনৰ পোছাক পৰিহিত লোক কেইজনমানে  প্ৰতিবাদ কৰি থকা ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। 

এজন ফেচৱুক ব্যৱহাৰকাৰীয়ে ফটোখন পোষ্ট কৰি কেপচনত: তুৰস্কত ৮দিন জুৰি চলা প্ৰতিবাদত বেটমেন, জ’কাৰ আৰু স্পাইডাৰ-মেনৰ  পোছাকত প্ৰতিবাদকাৰী।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাওক।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

নিৰ্দিষ্ট মূল শব্দ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত নিউজ মোবাইলৰ দলে এই চৰিত্ৰকেইটাৰ পোছাক পিন্ধি প্ৰতিবাদ কৰা সম্পৰ্কীয় কোনো তথ্য লাভ নকৰিলে। কোনো গুৰুত্বপূৰ্ণ সংবাদ মাধ্যমেও এই সন্দৰ্ভত কোনো বাতৰি প্ৰকাশ বা প্ৰচাৰ কৰা নাই।

ভাইৰেলব ফটোখন সুক্ষ্মভাবে নিৰীক্ষণ কৰাত তাত কেইবাটাও বিসংগতি দেখা পোৱা যায়। চিনেমাৰ কায়দাৰ ফটো আৰু তাৰ পাছফালে ব্লাৰ কৰা কাৰ্যই এয়া AIৰ দ্বাৰা নিৰ্মীত বুলি ঠাৱৰ কৰিব পৰা গ’ল।  নিউজ মোবাইলে আৰু অধিক তথ্য লাভৰ বাবে Hive Moderationৰ জৰিয়য়ে অনুসন্ধান কৰাত এয়া AIৰ দ্বাৰা নিৰ্মীত বুলি স্পষ্ট হয়।

এনেদৰেই তুৰস্কত প্ৰতিবাদকাৰীয়ে বেটমেন, জ’কাৰ আৰু স্পাইডাৰ-মেনৰ  পোছাক পৰিধান কৰা বুলি দাবী কৰা ফটোখন ভুৱা বুলি প্ৰতিপন্ন হয়।

 

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799