RIP’ বুলি লিখা থকা ষ্টীভ হাৰ্ভেৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে, উৰা বাতৰি প্ৰচাৰ কৰা হৈছে যে আমেৰিকাৰ কমেডিয়ান তথা টেলিভিচনৰ ঘোষকজনৰ মৃত্যু হৈছে।
ফটোকনৰ কেপচনত আছে: “১০ মিনিট পূৰ্বে / R.I.P টিভি তাৰকা ষ্টীভ হাৰ্ভে, চিৰ বিদায় ষ্টীভ হাৰ্ভে।

২০২৫ৰ ২৯ জানুৱাৰীৰ এই পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।
ষ্টীভৰ মৃত্যুৰ বাতৰি বা এই সন্দৰ্ভত মূল শব্দ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰাত কোনো নিৰ্ভৰযোগ্য তথ্য লাভ নকৰিলো। তেওঁৰ দৰে এগৰাকী ব্যক্তিৰ মৃত্যুৰ বাতৰিয়ে নিশ্চিত ভাবে সংবাদ মাধ্যমৰ শিৰোনাম দাখিল কৰিলে হয়।
তেওঁৰ নিজা সামাজিক মাধ্যমৰ একাউণ্ট বোৰতো তেওঁৰ মৃত্যু বা শোকবাৰ্তা প্ৰকাশ কৰাৰ কোনো পোষ্ট দেখা নাই।
ইয়াৰোপৰি ২০২৫ৰ ৪ ফেব্ৰুৱাৰীত হেনৰীয়ে নিজেই এটা ভিডিও তেওঁৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছে যত তেওঁ সীমান্তত গ্ৰেপ্তাৰ হোৱা বুলি উল্লেখ কৰিছে।
এই তথ্য সমূহে প্ৰমাণ কৰে যে হাৰ্ভেৰ মৃত্যুৰ বাতৰিটো মিছা।

