হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমীপৰ ৪০০ একৰ জুৰি থকা গুচিৱলি কাঞ্চাৰ অৰণ্য ধ্বংসক কেন্দ্ৰ কৰি বিতৰ্ক চলি থকাৰ সময়তে কেইবাটাও ভিডিও সামাজিক মাধ্যমত বহুল ভাবে প্ৰচাৰ হৈছে। অভিযোগ কৰা অনুসৰি এই ভিডিওসমূহত অৰণ্য ধ্বংসৰ ফলত হাতীয়ে সন্মুখীন হোৱা সমস্যাৱলী দেখুওৱা হৈছে। এনে এটা ভিডিওত এটা হাতীৰ দুয়োটা চকুৰ মাজৰ অংশত কেইবাটাও আঘাতৰ চিন দেখা গৈছে, দাবী কৰা হৈছে কাঞ্চাৰ গুচিৱলি অৰণ্য ধ্বংসৰ বাবে ব্যৱহৃত বুলডোজাৰত আঘাত প্ৰাপ্ত হৈ হাতীটো ঘুণীয়া হৈছে। অৱশ্যে এই ভিডিওবোৰ শেহতীয়া ভূমি বিতৰ্কৰ সৈতে জড়িত নহয়।
ফচবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে:
বলডোজাৰৰ পৰা নিজৰ বাসস্থান ৰক্ষা কৰিলে এই হাতীটোৱে।

আপুনি পোষ্টটো ইয়াতচাব পাৰিব
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন কৰে।
ভিডিওটোৰ কী-ফ্ৰেমৰ ফটো ৰিভাৰ্চ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ২১ এপ্ৰিল ২০২১ত সিংগিতা ত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলে। বাতৰিটোৰ ফটোবোৰ ভাইৰেল ভিডিওটোৰ ফটোৰ সৈতে মিল দেখা গৈছে। বিৱৰণিত কোৱা হৈছে যে ৰাণ্ডজেকিলে নামৰ হাতী এটাৰ, হাতীটো দক্ষিণ আফ্ৰিকাৰ ক্ৰুগেৰ ৰাষ্ট্ৰীয় উদ্যানৰ। হাতীটোৰ কপালত থকা ঘাঁবোৰ জন্মতে হোৱা অসুখৰ ফলত হোৱা।

বাতৰিত ত উল্লেখ কৰা মতে জন্মৰে পৰা ৰাণ্ডজেকিল নামৰ হাতীতটোৰ কঁপালত ডাঙৰ গাঁত এটা আছিল। এই বিসংগতি সত্বেও তাই সাধাৰণভাবেই বহু বছৰ ধৰি জীয়াই আছে। তাই আনকি সন্তান জন্মও দিব পাৰিছে। খোৱা-বোৱাৰ লগতে তাই এটি সুস্থ পোৱালীও জন্ম দিছে।
অৰণ্যত ঘুৰা-ফিৰা কৰি থকা ৰাণ্ডজেকিলৰ বহুকেইটা ভিডিও বহু সময়ৰে পৰা অন লাইন দেখা যায়। এইবোৰৰ বেছিভাগেই অৰণ্য ভ্ৰমণলৈ যোৱা পৰ্যটকে শ্বেয়াৰ কৰা।
View this post on Instagram
এই তথ্যৰ পৰাই স্পষ্ট হয়, ভাইৰেল পোষ্টটোত দাবী কৰা মতে ভিডিওটো কাঞ্চাৰ গুচিৱলিত বুলডোজাৰত আঘাতপ্ৰাপ্ত হাতীৰ নহয়।

