সত্যতা নিৰূপণ: চীনৰ ২০১৫ৰ ভিডিও এটাকেই ইজৰাইলৰ ওপৰত পাৰমানবিক আক্ৰমণৰ ভিডিও বুলি প্ৰচাৰ কৰা হৈছে

0 406

ইজৰাইল আৰু ইৰাণৰ মাজত সংঘৰ্ষ চলি থকাৰ মাজতে বৃহত্ বিস্ফোৰণৰ এটা ভিডিও  সামাদিক মাধ্যমত ভাইৰেল হৈছে। বহুতে এয়া ইজৰাইলৰ ওপৰত পাৰমানবিক আক্ৰমণৰ ভিডিও বুলি প্ৰচাৰ কৰিছে।

ফেচবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো প্ৰচাৰ কৰি কেপচনত লিখিছে : এয়া ইজৰাইলৰ ওপৰত  পাৰমানবিক আক্ৰমণ যেন লাগিছে।    ইৰাণে সংঘটিত কৰিছিল  ইজৰাইলৰ ওপৰত পাৰমানবিক বোম নিক্ষেপ কৰিছে          এয়া উন্মাদনাৰ সৰ্ৱকালৰ নিকৃষ্ট নিদৰ্শন #Nuclea…C


ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভাইৰেল ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্চ ইমেজ চাৰ্চত দিয়াত নিউজ মোবাইলৰ দলে  একেটা ভিডিও ২০১৫ৰ ১৪ আগষ্টত আপলোড কৰা  ‘BBC News’ ৰ ভিডিও ৰিপোৰ্টৰ ৰ ইউটিউব চেনেলত প্ৰচাৰিত ভিডিও দেখা পালে।

বাতৰিটোত উল্লেখ কৰা অনুসৰি চীনৰ টিয়ানজিন চহৰত দুটা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল।  বিস্ফোৰণ সংঘটিত হৈছিল মাৰাত্মক ৰাসায়নিক দ্ৰব্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠান এটাৰ ওৱেৰহাইছত। সেয়ে এই বিস্ফোৰণত ১২জনতকৈও অধিক লোক নিহত হোৱাৰ লগতে কেইবা শ লোক আহত হৈছিল। 

এনেদৰেই স্পষ্ট হয় যে এই ভিডিওটো ইজৰাইলৰ ওপৰত পাৰমানবিক আক্ৰমণৰ ভিডিও নহয়।

If you want to fact-check any story, WhatsApp it now on ‪+91 11 7127 9799‬