মালবাহী জাহাজ এখন বাল্টিমোৰ দলঙত খুন্দিওৱাৰ ফলত হোৱা দুৰ্ঘটনাৰ পাছত সম্প্ৰতি নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কাৰ্য চলাই আছে। মাজ নিশা প্ৰায় ডেৰ বজাত পতাপস্কো নৈৰ ওপৰৰ ফ্ৰেন্সছ স্কট কী ব্ৰীজত এখন প্ৰকাণ্ড জাহাজে খুন্দিওৱাৰ ফলত সংঘটিত দুৰ্ঘটনাটোক “মানুহ হতাহত হোৱা এটা ভয়ংকৰ ঘটনা” ৱুলি অভিহিত কৰা হৈছে।এই দুৰিঘটনাৰ পাছতেই জাহাজত জুই লাগি যায় আৰু তাত থকা বহু লোক হতাহত হয়।ইয়াৰ লগে লগে তাত “অতি জৰুৰীকালীন” পৰিস্থিতিৰ সৃষ্টি হয়।
এনে সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা ভিডিও। এই ভিডিওটো বাল্টিমোৰৰ ফ্ৰেন্সছ স্কট কী ব্ৰীজৰ দুৰ্ঘটনা বুলি দাবী কৰা হৈছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছে: “⚠️ বিপৰীত ফালৰ পৰা সংগ্ৰহ কৰা ফ্ৰেন্সছ স্কট কী ব্ৰীজত হোৱা প্ৰচণ্ড বিফোৰণৰ দৃশ্য। 👀🇺🇸সহযোগ কৰক👉 @SGTnewsNetwork📎 Twitter ▪️ Truth Social”.

ওপৰৰ পোষ্টটো ইয়াত চাব পাৰিব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কী প্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমাৰ নিউজ মোবাইলৰ দলে ২০২২ৰ ৯ অক্টোৱৰত বিবিচিৰ ৱেবছাইটত প্ৰচাৰিত একে ধৰণৰ আন এটা ভিডিও দেখা পালে।ভিডিওটোৰ শিৰোনাম আছিল “ভিডিওটোত ক্ৰিমিয়া দলং: প্ৰচণ্ড বিস্ফোৰণৰ সময়ৰ দৃশ্য দেখা গৈছে ।” এই দলংখনত যোৱা দুটা বছৰত দুবাৰকৈ আক্ৰমণ চলোৱা হৈছিল। কীভে দুয়োবাৰেই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল।

একেটা ভিডিওৰ ক্লিপ আমি দ্য টাইমছ অৱ ইজৰাইল ৰ ৮ অক্টোৱৰ ২০২২ৰ সংখ্যাত দেখা পালো।তাৰ শিৰোনামত আছিল ” ৰাছিয়াই প্ৰকাশ কৰিছে যে ট্ৰাক বোমা আক্ৰমণত ক্ৰিমিয়াৰ দলঙৰ ক্ষতিসাধন হৈছে। সম্প্ৰতি সামান্য সংখ্যক যান-বাহনহে চলাচল কৰিছে”।

ৰেডিও ফ্ৰী ইউৰোপ/ৰেডিও লিৱাৰ্টী সহ বহু সংবাদ প্ৰতিষ্ঠানে, ২০২২ৰ এই ঘটনাটো সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰিছে।
এই তথ্যই প্ৰমাণ কৰে, ২০২২ৰ ক্ৰিমিয়াৰ দলঙৰ বিস্ফোৰণৰ ভিডিওকেই বাল্টিমোৰৰ শেহতীয়া দুৰ্ঘটনাৰ ভিডিও বুলি ভুৱা প্ৰচাৰ চলোৱা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
