সত্যতা নিৰূপণ: কেজৰিৱালে কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনোৱা বুলি দাবী কৰা এটা সম্পাদিত ভিডিও ভাইৰেল হৈছে

0 168

৫ ফেব্ৰুৱাৰীত দিল্লীৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টী (AAP)ৰ আহ্বায়ক, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিও ক্লিপটোত কংগ্ৰেছক সমৰ্থন দিবলৈ  কেজৰিৱালক আহ্বান কৰি থকা দেখা গৈছে। বহুতে দিল্লীত এইবাৰ কংগ্ৰেছ ক্ষমতালৈ অহাৰ বাবে তেওঁ এনে কৰা বুলি দাবী কৰিছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে  এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ইন ভিডৰ সহায়ত ভিডিওটোৰ কী ফ্ৰেমৰ ফটো গুগল লেন্সৰ সহায়েৰে ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত  নিউজ মোবাইলৰ  দলে ২০১৭ চনৰ ৩০ জানুৱাৰীত কেজৰিৱালৰ নিজা ফেচবুক একাউণ্টত পোষ্ট কৰা সম্পূৰ্ণ ভিডিওটো লাভ কৰে।

সম্পূৰ্ণ ভিডিওটোত কেজৰিৱালৈ কৈছিল: “যোৱা দুদিনত আৰএছ এছ আৰু আকালী দলে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱাৰ বাতৰি লাভ কৰিছো। তেওলোকে মানুহক আকালী দল বা বিজেপিক ভোটদিবলৈ আহ্বান জনোৱা নাই, বৰং তেওঁলোকে কংগ্ৰেছক ভোট দিয়াৰ বাবেহে ৰাইজক আহ্বান জনাইছে। বাতৰি শুনিবলৈ পোৱা গৈছে যে বিজেপি, আকালী দল বা আৰএছএছৰ লোকসকলে তেোঁলোকৰ ভোট কংগ্ৰেছক দিবলৈ সিদ্ধান্ত লৈছে। এয়াই প্ৰমাণ কৰে তেওঁলোকে একে লগ হৈ কাম কৰিছে। তেওঁলোকে আম আদমী পাৰ্টীক হৰুৱাবলৈ চেষ্টা কৰিছে, কাৰণ আপ ক্ষমতালৈ আহিলে তেওঁলোকৰ দুৰ্নীতিৰ ফাইলবোৰ খোল খাব আৰু তেওঁলোক কাৰাগাৰলৈ যাব লাগিব।

ভাইৰেল ক্লিপটোৰ দাবীৰ বিপৰীতে ভিডিওটোৰ শেষৰ ফালে কেজৰিৱালে স্পষ্টকৈ আপক সমৰ্থন কৰি ঝাড়ুৰ চিনত ভোট দিবলৈ আহ্বান জনাইছে। 

ইয়াৰোপৰি  ২০১৭ৰ ২ ফেব্ৰুৱাৰীৰ  দিনা কেজৰিৱালে আন এটা ভিডিও প্ৰচাৰ কৰিছিল। তাত তেঁও উল্লেখ কৰিছে  যে এটা সম্পাদিত ভি.ডিও প্ৰচাৰ কৰিছে, এই ভিডিওটোত ভুৱা বিশ্লেষণেৰে তেওঁ কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনোৱা বুলি কোৱা হৈছে । 

শেষত ভাইৰেল ভিডিওটো যে সম্পাদিত সেয়া স্পষ্ট হৈ পৰিল।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799