ছাছেক্সৰ ডাট্ছেছ মেগান মাৰ্কলে অলপতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল। এই সন্দৰ্ভত বহুকেইখন ফটো বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে। শেহতীয়াকৈ মেগান মাৰ্কল আৰু প্ৰিন্স হেৰীৰ তেওঁলোকৰ সন্তানৰ সৈতে এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে, ফটোখনত প্ৰিন্স হেৰী আৰু মেগানৰ সৈতে তেওঁলোকৰ কন্যা লিলিবেট ডায়েনাক দেখা গৈছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে লিখা ফেচবুক পোষ্টটোত আছে: দেউতাকৰ দৰেউ জীয়েকো। এইপোষ্টটোৱে 1k লাইক লাভ কৰিছে।

আন এটা ফেচবুক পোষ্টত কণমানি লিলিবেটৰ সৈতে মেগানৰ ফটোসহ লিখিছে: যুক্তৰাজ্যলৈ নতুন উপাধি লাভ কৰিবলৈ যোবাৰ পূৰ্বে ৰাজকুমাৰী লিলিবেট ডায়েনাই ৰাজ পৰিয়ালৰ পৰা এটা ‘ডাঙৰ উপহাৰ’ লাভ কৰে। ব্ৰিটেইনলৈ ওভতাৰ পূৰ্বে কন্যাক কোলাত লৈ হাঁবিথকা মেগান মাৰ্কলৰ ফটো শ্বেয়াৰ কৰিছে

লুষ্ট্ৰোৱাছ স্পিৰিটৰ আন এটা ফেচবুক পোষ্টত কেপচনসহ ফটোখন শ্বেয়াৰ কৰি লিখিছে: কন্যা লিলৱেটৰ ৫ম জন্ম দিনত মেগাৱ মাৰ্কেলে তেওঁৰ ইনষ্টাগ্ৰামত ফটোখন শ্বেয়াৰ কৰি আলোড়ণৰ সৃষ্টি কৰিছে… মোৰ কন্যা।

সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই ফতো এআইৰ দ্বাৰা নিৰ্মীত বুলি প্ৰতিপন্ন কৰে।
প্ৰথমতে, মেঘান মাৰ্কলে লিলিবেট আৰু হেৰীৰ এখন ফটো শ্বেয়াৰ কৰিছিল ঠিকেই, কিন্তু ভাইৰেল ছবিৰ সৈতে ইয়াৰ মিল নাই। মূল ফটোখন আছিল: হেৰীৰ সৈতে ইয়টত বহি থকা লিলিবেটৰ ( ).

Hive Moderation and AI or NOTৰ দৰে AI নিৰ্ণায়ক সজুলিয়েও — — এই ফোটোবোৰ AI-ৰ দ্বাৰা নিৰ্মীত বুলি নিশ্চিত কৰিছে।






এনেদৰেই কন্যা লিলিবেট ডায়েনাৰ সৈতে ৰাজকুমাৰ হেৰী আৰু মেগান মাৰ্কলৰ ফটোবোৰ AI-ৰ দ্বাৰা নিৰ্মীত বুলি প্ৰতিপন্ন হয়।

