ছুইমিং পুল এটাত অভিনেত্ৰী ৰশ্মিকা মান্দান্নাৰ সৈতে বিৰাট কোহলী কেইখনমান ফটো সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে।

ওপৰৰ ফটোখন ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো AIৰ দ্বাৰা নিৰ্মীত বুলি প্ৰতিপন্ন হয়।
ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি এই ফটোবোৰ সামাজিক মাধ্যমৰ কোনো মাধ্যমৰ লিংক লাভ নকৰিলো। ৰশ্মিকা মান্দান্না বা বিৰাক কোহলীৰ কোনেও এনে ফটো সন্দৰ্ভত কোনো পোষ্ট দিয়াও দেখা নগ’ল।
অবশ্যে ফটোবোৰ সুক্ষ্মভাবে নিৰীক্ষণ কৰাত ফটোবোৰ AIৰ দ্বাৰা বনোৱা বুলি ধাৰণা কৰিব পৰা গ’ল। ফটোৰ মুখবোৰৰ বৈসাদৃশ্য, পোহৰৰ তাৰতম্যকে ধৰি কেতবোৰ বিসংগতিয়ে এই ধাৰণা অধিক স্পষ্ট কৰে।
ইয়াৰোপৰি AI নিস্চিত কৰিব পৰা Hive Moderationৰ দ্বাৰা অনুসন্ধান কৰাত এই ফটোকেইখন ডিজিটেল মাদ্যমেৰে সম্পাদিত বুলি স্পষ্ট হয়।

এনেদৰেই আমি ক’ব পাৰো যে ৰশ্মিকা মান্দন্না আৰু বিৰাট কোহলীৰ ফটোবোৰ AIৰ দ্বাৰা নিৰ্মীত।

