সত্যতা নিৰূপণ : অপাৰেচন সিন্দুৰৰ পাছত পাকিস্তানে যুদ্ধ বিৰতি চুক্তি ভংগ কৰিছে নেকি? সত্য জানিবলৈ পঢ়ক

0 288

ভাৰতৰ সামাজিক মাধ্যমত একাংশই পাকিস্তানে অপাৰেচন সিন্দুৰৰ পাছত যুদ্ধবিৰতি চুক্তি ভংগ কৰা বুলি দাবী কৰা এটা বাতৰিৰ কিয়দাংশ প্ৰচাৰ কৰিছে।

একেধৰণৰ দাবী কৰি এজনে ফেচবুকত লিখিছে: #ব্ৰেকিং, LoC(সীমান্ত)ত পাকিস্তানে যুদ্ধবিৰতি চুক্তি ৱংগ কৰিছে: অপাৰেচন সিন্দুৰৰ পাছত পুঞ্চত প্ৰথমবাৰলৈ গুলীবৰ্ষণ।


ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ)পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

একে ধৰণৰ শব্দ (কী-ৱৰ্ড) ব্যৱহাৰ কৰি অনুসন্ধান কৰাত নিউজ মোবাইলৰ দলে ANIX ত ভাৰতীয় সেনাৰ উদ্ধৃতি দি প্ৰকাশ কৰা দেখা গ’ল। সেনাৰ ভাষ্য অনুসৰি সামাজিক মাধ্যমত কৰা দাবী ভিত্তিহীন: এই সন্দৰ্ভত স্পষ্টীকৰণত প্ৰকাশ: “সীমান্ত, অৰ্থাৎ লাইন অৱ কণ্ট্ৰ’লত পাকিস্তানে প্ৰথম যুদ্ধবিৰতি ভংগ কৰা নাই।

এনেদৰেই স্পষ্ট হয়, অপাৰেচন সিন্দুৰৰ পাছত পাকিস্তানে লাইন অৱ কণ্ট্ৰ’লত যুদ্ধ বিৰতি চুক্তি ৱংগ কৰা দাৱী ভুৱা।

If you want to fact-check any story, WhatsApp it now on ‪+91 11 7127 9799‬