২০২৫ৰ ICC চেম্পিয়নছ ট্ৰফীৰ ভাৰত বনাম অষ্ট্ৰেলিয়াৰ কেলখন সম্পূৰ্ণ ভাবে বিৰাট কোহলীৰ খেল হিচাপে পৰিগণিত হৈছে। ভাৰতীয় দলৰ পূৰ্বৰ অধিনায়কজনৰ ৮৪ ৰাণৰ অনবদ্য অবদানেই ভাৰতক ফাইনেলত পদাৰ্পন কৰাৰ পথ সুসম কৰি দিছিল।
কিং কোহলীক গেলাৰীৰ পৰা অনুপ্ৰেৰণা যোগাই আছিল তেওঁৰ অনুৰাগী তথা পত্নী অনুষ্কা শৰ্মাই।
অবশ্যে সামাজিক মাধ্যমত তেওঁ দুই সন্তান ভামিকা আৰু আকায়ৰ সৈতে কেল উপভোগ কৰা বুলি প্ৰচাৰ হৈছে।
Cric, box_7x ৰ এটা ফেচবুক পোষ্ট ত লিখা আছে: অনুষ্কা শৰ্মা, আকায় আৰু ভামিকাই ভাৰত বনাম অষ্ট্ৰেলিয়াৰ খেলখন উপভোগ কৰি আছে। এই পোষ্টোৱে ৪০.৬ হাজাৰ ‘লাইক’ পাবলৈ সক্ষম হৈছে।

লগে লগে আন এটা ফেচবুক পোষ্ট দেখা গ’ল। চাহুজীৰ আন এটা ফেচবুক পোষ্ট ত লিখা আছে: “অনুষ্কা শৰ্মা, আকায় আৰু ভামিকাই ভাৰত বনাম অষ্ট্ৰেলিয়াৰ খেলখন উপভোগ কৰি আছে। ”

সৈন্যৰ ফেচবুক নামৰ একাউণ্ট এটাতো লিখিছে: “ডুবাইৰ ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মহাকাব্যিক বিজয়ৰ পাছত বিৰাট কোহলীয়ে অনুষ্কা শৰ্মা আৰু তেওঁৰ কন্যাৰ সৈতে মিলিত হৈছে!.” (হৃদয় বা হাৰ্টৰ ইম’জী) আৰু (ক্ৰিকেট বেট আৰু বলৰ ইম’জী)।

সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ফটো AIৰ দ্ৱাৰা সম্পাদিত বুলি প্ৰতিপন্ন হয়।
পোষ্টটোৰ সত্যতা দানিবলৈ নিউজ মোবাইলে বিৰাট কোহলীৰ সামাজিক মাধ্যমৰ একাউণ্টসমূহত অনুসন্ধান কৰিলে, কিন্তু ক’তোৱেই ভাইৰেল ফটোখন দেখা নাপালে। উল্লেখ্য যে তেওঁলোকৰ দুই সন্তান এতিয়াও সংবাদ মাধ্যমৰ আগত দেখুওৱাই নাই।
দ্বিতীয়তে, অনুষ্কা শৰ্মাই মেচখনৰ সময়ত পিন্ধি থকা পোছাক ভাইৰেল ফটোখনৰ পোছাকৰ দৰে নাছিল। তেওঁ তাত নীলা জিনচ আৰু বগা টী-ছাৰ্ট পিন্ধি আছিল।
Virat Kohli’s reaction to Anushka Sharma after the Victory🥹🧿❤️ pic.twitter.com/wKCG9beLgX
— Virat Kohli Fan Club (@Trend_VKohli) March 4, 2025
ইয়াৰোপৰি নিউজ মোবাইলে ফটোখন AI detection toolsত দিয়াত তাৰ Verifye আৰু Hive Moderation সজুলিৰ জৰিয়তে ফটোখন AIৰ দ্বাৰা সম্পাদিত বুলি স্পষ্ট হয়।



এই তথ্যৰ পৰাই ক’ব পাৰি, অনুষ্কা শৰ্মাই তেওঁৰ সন্তানৰ সৈতে ছেম্পিয়নছ ট্ৰফী চাই থকা ফটোখন AIৰ দ্বাৰা বনোৱা।

