সত্যতা নিৰূপণ:আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিলবাইডেনৰ সন্মুখত টিভি পেনেলিষ্টে জ’ বাইডেনক সমালোচনা কৰা ভিডিওটো সম্পাদিত

0 2,917

আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেনৰ সৈতে কেইবাজনো সাক্ষাৎগ্ৰহণকাৰীয়ে কথা পাতি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে, পেনেলিষ্টে তেওঁক কঠোৰ ভাষাৰে প্ৰশ্ন কৰিছে।

ক্লিপটোত থকা অনুসৰি আমেৰিকাৰ টিভি টকশ্ব’ দ্য ভিউত তেওঁৰ অনুষ্ঠানৰ সময়ত আমেৰিকাৰ ২০২৪ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ বয়স সন্দৰ্ভত কঠোৰ প্ৰশ্নৰ সন্মুখীন হৈছে জিল বাইডেন।

জিল বাইডেনক কোৱা শুনা গৈছে যে বয়সৰ সৈতে নিৰ্বাচনৰ কোনো সম্পৰ্ক নাই। তেওঁ বাইডেনৰ যোগাত্মক গুণসমূহৰ বিষয়ে উল্লেখ কৰিছে। তেওঁৰ মতে আমেৰিকাবাসীৰ বাবে মাত্ৰ দুটাই পথ- এটা খেলিমেলিৰে ভৰা আৰু আনটো ‘‘বেয়াবোৰক প্ৰতিহত কৰা ভাল কাম’’।   

তেওঁৰ মন্তব্য সন্দৰ্ভত পেনেলিষ্টে জ’ বাইডেনে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে কৰা দমনমূলক নীতিৰ কথা আঙুলিয়াই সেয়া ‘‘দানবীয়’’ আখ্যা দিয়ে। পেনেলিষ্টে বাইডেনৰ ৰাজনৈতিক জীৱন সন্দৰ্ভত সমালোচনা কৰি তেওঁ বিশেষ কোনো কামেই কৰিব নোৱাৰিলে বুলি কয়।

কণ্টেণ্ট ক্ৰিয়েটৰ ডেমন ইমানীয়ে পাছত বাইডেনৰ স্বাস্থ্য সন্দৰ্ভতো মন্তব্য কৰি কয়, তেওঁ নিজাকৈ ভালদৰে খোজকঢ়া বা বক্তৃতা দিয়া কামো কৰিব নোৱাৰে।  তেওঁ কৈছিল: “আমি সকলোৱে জানে, জ’ বাইডেন সুস্থ নহয়, তেওঁৰ যে নিজৰ ওপৰত নিয়ন্ত্ৰণ নাই সেয়াও জানো।

কণ্টেণ্ট ক্ৰিয়েটৰ জনে শেষত জিল বাইডেনক কয়, যে তেওঁৰ স্বামীক পুতলাৰ দৰেহে ব্যৱহাৰ কৰিব পাৰি।  তেওঁৰ সৈতে থকাসকলক তেওঁক পুতলাৰ দৰে গালি পাৰিবলৈ দিছে, আপুনি লাজ পাব লাগে!”

ওপৰৰ পোষ্টটোৰ লিংক (আৰ্কাইভ লিংক)ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

মূল শৱ্দ প্ৰয়োগেৰে অনুসন্ধান কৰাত নিউজ মোবাইলৰ  দলে ফাৰ্ষ্ট লেডী জিল বাইডেনে দ্য ভিউৰ পৰিবেশকগৰাকীৰ সৈতে কথা পাতি থকা মূল ভিডিওটো   ইউটিউব ত লাভ কৰিলে।  দ্য ভিউৰ জৰিয়তে আমেৰিকান ব্ৰডকাষ্টিং কোম্পেনীয়ে কোনোবিশেষ ক্ষেত্ৰত পাৰদৰ্শিতা থকা একাংশ বিশেষজ্ঞ মহিলাৰ সৈতে বাৰ্তালপ কৰা হয়। 

ভিডিওটোৰ ৪.০২ সময়ৰ পৰা জিল বাইডেনক ভাইৰেল ৱিডিওত থকাৰ দৰেই একেই ভাষ্য প্ৰদান কৰি থকা শুনা যায়। অবশ্যে ইমানীক এই ফুটেজত দেখা নাযায়। ফাৰ্ষ্ট লেডীক তেওঁৰ কিতাপ Willow The White House Cat, সন্দৰ্ভত আলোচনা কৰাৰ বাবে আমন্ত্ৰণ কৰা হৈছিল।

ইমানীৰ কেট্চ আপ X  একাউণ্টৰ আন এটা পোষ্টত ভাইৰেল ভিডিওটোৰ দৰেই এটা ভিডিও দেখা গ’ল।

ৱেবছাইটো,ত উল্লেখ কৰা অনুসৰি ইমানী ডেনমাৰ্কত থকা এগৰাকী কণ্টেণ্ট প্ৰডিউছাৰ।  তেওঁ সাম্প্ৰতিক ঘটনাৱলী বাতৰিৰ ভিডিও বা সামাজিক মাধ্যমত চৰ্চিত বিষয় সন্দৰ্ভৰ ডিজিটেল কণ্টেণ্টবোৰ সম্পাদনা কৰে।  

এই তথ্যই প্ৰমাণ কৰে য়ে আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিলবাইডেনৰ সন্মুখত টিভি পেনেলিষ্টে জ’ বাইডেনক সমালোচনা কৰা ভিডিওটো সম্পাদিত।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

Error: Contact form not found.

Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel