সত্যতানিৰূপনঃ ইণ্ড’নেছিয়াৰ নৌসেনাই ভিয়েটনামৰ নাওঁ জব্দ কৰা ভিডিও এটা ভাৰত-বাংলাদেশৰ ঘটনাৰ সৈতে সাঙোৰা হৈছে

0 102

মাছমৰীয়া নাওঁ এখন জব্দ কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোত নৌ সেনাৰ দলে আন এখন নাওঁ খেদি যোৱাও দেখা গৈছে। দাবী কৰা হৈছে যে আন্তৰ্জাতিক সীমা অতিক্ৰম কৰা নাওঁখন ভাৰতৰ আৰু বাংলাদেশৰ নৌ সেনাই নাওঁখন আটক কৰিছে। 

ফেচবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো পোষ্ট কৰি (আৰ্কাইভ লিংক) কেপচনত লিখিছে

ভাৰতৰটলারবাংলাদেশলৈমাছধৰিবলৈ গ’লেবাংলাদেশেৰ নৌবাহিনীয়েবাধাদিয়ে।  

পোষ্টটো ইয়াতোচাব পাৰিব।

সত্যতানিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত  সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভি়ডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে আমেৰিকা চৰকাৰে প্ৰযোজনা কৰা এটা স্বেচ্ছাসেৱী বাৰ্তা সংস্থা ৰেডিও ফ্ৰী এছিয়াৰ অনলাইন ভাৰ্ছন বেনাৰ নিউজৰ নিজা ইউটিউব চেনেলত ২৪ জুলাই ২০২০ত প্ৰচাৰিত  এটা ইউটিউব ভিডিও  দেখা পালে। ভিডিওটোৰ বিৱৰণিত ইণ্ড’নেছিয়াৰ ভাষাত উল্লেখ আছে যে ভিয়েটনামৰ নাওঁ এখন অবৈধ ভাবে প্ৰবেশ কৰাত ইণ্ড’নেছিয়াৰ নৌ সেনাই আটক কৰে।

আৰু অধিক অনুসন্ধান কৰাত ৰেডিও ফ্ৰী এছিয়াৰ ইউটিউব চেনেলৰ ভিয়েটনামী চেনেল  ‘RFA TiếngViệtত মূল ভিডিও ক্লিপটো দেখা পালো। তাৰ বিৱৰণিত আছে: “২২ জুলাই ২০২০ত  অৱৈধভাবে সীমান্ত অতিক্ৰম কৰাৰ বাবে ইণ্ড’নেছিয়াৰ নৌ সেনাই দুখন মাছমৰীয়া নাওঁসহ কেইবাজনো লোকক আচক কৰে। ইণ্ড’নেছিয়াৰ নৌ বাহিনী দপ্তৰৰ তৰফৰ পৰা এই তথ্য প্ৰকাশ কৰাৰ লগতে ভিডিওটোও প্ৰচাৰ কৰিছে।

ভাৰতীয় নাওঁ বাংলাদেশৰ নৌ সেনা বাহিনীয়ে আটক কৰা কোনো বাতৰি আমি বিচাৰি নাপালো। সেয়ে এই ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবী যে ভুৱা আৰু এই ঘটনা ইণ্ড’নেছিয়াতহে সংঘটিত হৈছিল সেই কথা স্পষ্ট হৈ পৰে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799