সত্যতানিৰূপনঃ২০২১ৰ ৰাছিয়াৰ ভিডিও এটা ইংলেণ্ডত হিন্দু যুৱতী এগৰাকীক তেওঁৰ মুছলমান প্ৰেমিকে মাৰ ধৰ কৰা বুলি প্ৰচাৰ কৰি ভাইৰেল কৰা হৈছে

0 88

এজন মানুহে ৱেয়াকৈ মাৰি থকা এগৰাকী যুৱতীয়ে হুৰাওৰাৱে কন্দাএটা  ভিডিও সামাজিক মাদ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে ইংলেং্ডত এগৰাকী হিন্দু যুৱতীক তেঁওৰ মুছলমান প্ৰেমিকে মাৰপিট কৰা দৃশ্য এয়া।

ভিডিওটোৰ সৈতে কেপচনত লিখা হৈছে: “ভাইসকল, এতিয়া কেৱল ভাৰততে নহয়, বিদেশতো ধৰ্মনিৰপেক্ষক নুপুংষকসকৰ কন্যাক তেওঁৰ জেহাদী প্ৰেমিকে মাৰধৰ কৰা হৈছে। চাওকচোন জেহাদী প্ৰেমিক আৱ্দপলে কিমান মৰমেৰে যুৱতীগৰাকীক মাৰপিট কৰিছে। এয়াই লাভ জেহাদ…

কাইলৈ হয়তো ছুটকেচ সামৰি উভতিব, কিন্তু আপোনালোকে ভালপোৱা নেৰিব।

একেধৰণৰ পোষ্টইয়াত আৰু  ইয়াত. (আৰ্কাইভ লিংক) পাব।

সত্যতানিৰূপন

নিউজমোবাইলৰতৰফৰপৰাউল্লেখিতপোষ্টটোবিশ্লেষণকৰাহৈছিলআৰুএইপোষ্টটোটদাবীকৰাকথাখিনিঅসত্যবুলিপ্ৰমাণহয়।

ভাইৰেল ভিডিওটোৰ কীফ্ৰেমৰ ফটো ৰিভৰ্ছ ইমেজ চাৰ্ছ আৰু ৰাছিয়াৰ ইমেজ চাৰ্ছ য়েণ্ডেক্সত দিয়াত আমি ৰাছিয়ান ৱেবছাইট লাইফ ৫ জুলাই ২০২১ত প্ৰচাৰিত এটা ভিডিও পালো।

 Life.ru,ত প্ৰকাশ কৰা ৱাতৰি অনুসৰি সম্পৰ্কীয় লোকৰ দ্বাৰা নিগৃহীত মহিলাগৰাকী ৰাছিয়াৰ ক্ৰাছনোডাৰৰ। তেওঁ প্ৰেমিকৰ সৈতে পলাই যোৱাৰ চেষ্টা কৰিছিল। ৱাতৰিটোৰ মতে যুৱতীগৰাকীৰ ইউক্ৰেইনৰ এজন যৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়ো পলাই গৈ বিয়া হোৱাৰ কথা আছিল। 

ৱাতৰিটোত আৰু উল্লেখ কৰা অনুসৰি এই ভয়ংকৰ দৃশ্য দেখা তেওঁৰ একমাত্ৰ বন্ধুৱে এই ঘটনাৰ বিৰোধ কৰিছিল আৰু তেওঁৰ সৈতে থিয় দিছিল। পাছত তেওঁলোকে এই ভয়ংকৰ দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। দাবী কৰা আনুসৰি তেওঁৰ সম্পৰ্কীয় ভাতৃয়ে পৰিয়ালৰ টকা চুৰি কৰি নিয়াৰ চেষ্টা কৰা বুলি অভিযোগ কৰি এনেদৰে মাৰধৰ কৰিছিল, কিন্তু ভুক্তভোগীয়ে বাৰাম্বাৰ এয়া অসত্য বুলি কৈছিল। তেওঁৰ বন্ধুগৰাকীয়ে ভিডিওটি প্ৰচাৰ কৰি আইনৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে আইনে যুৱতীগৰাকীক ন্যায় দিব বুলি আশা প্ৰকাশ কৰিছিল।

(সৌজন্য: Life.ru)

এনেদৰেই এয়া স্পষ্ট হৈ পৰে, ভাইৰেল হোৱা ভিডিওটো ইংলেণ্ডত মুছলমান প্ৰেমিকে হিন্দু যুৱতীক প্ৰহাৰ কৰাৰ দৃশ্য নহয়, প্ৰকৃততে এয়া ৰাছিয়াৰহে ঘটনা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799