‘Green India Mission’ বা সেউজ ভাৰত অভিযানৰ অধীনত চৰকাৰে শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ বৈদ্যুতিক চাইকেল বিতৰণ কৰি আছে বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।
ভিডিঅ’টোৰ সৈতে হিন্দীতে দিয়া কেপশচনত লিখা আছে:
বন্ধুসকল, প্ৰদূষণ হ্ৰাস আৰু ইন্ধনৰ ব্যৱহাৰ হ্ৰাস পোৱা আৰু শিশুসকলৰ অধ্যয়নত কোনো অসুবিধা নাহে তালৈ লক্ষ্য ৰাখি Green India Mission আঁচনিৰ অধীনত চৰকাৰে সকলো শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামূলীয়াকৈ বৈদ্যুতিক চাইকেল দিয়াৰ সিদ্ধান্ত লৈছে। আবেদন কৰাটো অতি সহজ—আপোনাৰ ঘৰত এজনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব আৰু আবেদনকাৰীৰ (student ID) থাকিব লাগিব। এই চর্তসমূহ পূৰণ হ’লে মোক follow কৰি bio-ত দিয়া লিংকৰ জৰিয়তে বিনামূলীয়া বৈদ্যুতিক চাইকেল অৰ্ডাৰ কৰক।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
নিউজ মোবাইলৰ পৰীক্ষণ
নিউজ মোবাইলে ভাইৰেল পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটো ভুৱা আৰু এয়া অনলাইন কেলেংকাৰীৰ সৈতে জড়িত বুলি প্ৰমাণ কৰে।
মূল শব্দ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে শিক্ষাৰ্থীসকললৈ বিনামূলীয়া বৈদ্যুতিক চাইকেল প্ৰদান কৰাৰ কোনো আঁচনি আছে বুলি কোনো নিৰ্ভৰযোগ্য বাতৰি পোৱা নগ’ল। শেহতীয়াকৈ এনে কোনো ঘোষণা কৰা হোৱা নাই।
ইয়াৰোপৰি, আমি চৰকাৰী প’ৰ্টেল ‘My Scheme’ (মোৰ আঁচনি)তো পৰীক্ষা কৰি এনে কোনো বিনামূলীয়া বৈদ্যুতিক চাইকেল আঁচনিৰ তথ্য পোৱা নগ’ল। আনহাতে,Press Information Bureau (পিআইবি) –তো এনে কোনো আঁচনি সন্দৰ্ভত পৰামৰ্শ বা অধিসূচনা জাৰি কৰা নাই।
এই সন্দৰ্ভত অধিক অনুসন্ধান কৰাত yippyblog নামৰ এটা ৱেবছাইটত বিভ্ৰান্তিকৰ আৰু ভুৱা তথ্য সন্নিবিষ্ট থকাৰ কথা পোহৰলৈ আহে। ৱেবছাইটটোৰ ক’ভাৰ পে’জ বা প্ৰথম পৃষ্ঠাতেই “বিনামূলীয়া মোবাইল আঁচনি” আৰু “বিনামূলীয়া মটৰচাইকেল/চাইকেল আঁচনি” আদি বাক্যৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণকৰাৰ চেষ্টা কৰা হৈছে। ইয়াত ব্যৱহাৰকাৰীক বীমা আৰু ঋণ সেৱাসমূহৰ সৈতে জড়িত অসংলগ্ন পৃষ্ঠালৈ পুনৰনিৰ্দেশ কৰা হয়। এয়া অনলাইন প্ৰৱঞ্চনামূলক ৱেবছাইটসমূহে ব্যৱহাৰ কৰা সাধাৰণ কৌশলহে।

এই তথ্যসমূহেই প্ৰমাণ কৰে যে ‘Green India Mission’ৰ অধীনত চৰকাৰে শিক্ষাৰ্থীসকলক বিনামূলীয়া বৈদ্যুতিক চাইকেল প্ৰদান কৰিছে বুলি কৰা দাবী সম্পূৰ্ণ ভুৱা।