তুষাৰে আৱৃত দৃশ্য, বৰফে ঢকা থোৱা সুউচ্চ পৰ্বতশৃংখলা আৰু তুষাৰপাতৰ মাজেৰে ভগৱান হনুমান সদৃশ এবিধ জীৱ হিমালয় অঞ্চলত ঘূৰি ফুৰা দেখুওৱা এটা ভিডিও সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে। বহু ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভিডিওটোত ভগৱান হনুমানক পৰ্বতমালাত বিচৰণ কৰা অৱস্থাত দেখা গৈছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাব পাৰিব।
নিউজ মোবাইলৰ পৰীক্ষণ
নিউজ মোবাইলে ভাইৰেল পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোত দাবী কৰা ভিডিও কৃত্ৰিমভাৱে সম্পাদিত বুলি প্ৰমাণ কৰে।
আনুসংগিক মূল শব্দ ব্যৱহাৰ কৰি অনুসন্ধান কৰাৰ পিছতো নিউজ মোবাইলৰ দলে এই দৃশ্য সন্দৰ্ভত কোনো বিশ্বাসযোগ্য বাতৰি বা সংবাদ প্ৰতিবেদনত এই ক্লিপটোত দেখুওৱা ধৰণে কোনো ধৰণৰ তথ্য বিচাৰি নাপালে। কেৱল একাংশ সামাজিক মাধ্যম প্লেটফৰ্মতহে ইয়াৰ উল্লেখ দেখা পোৱা গ’ল। উল্লেখ্য যে যদি এনে ঘটনা সত্য হ’ত, তেন্তে ই বিভিন্ন সংবাদ মাধ্যম আৰু সমাজত ব্যাপক আলোচনা সৃষ্টি কৰিলেহেঁতেন।
ভিডিঅ’টো AI চিনাক্তকৰণ সঁজুলি — Hive Moderation — ৰ সহায়ত বিশ্লেষণ কৰাৰ পিছত ই ৯৯% ডিজিটেলভাবে সম্পাদিত বুলি নিশ্চিত হয়।

এনেদৰেই ভগৱান হনুমান হিমালয়ৰ পৰ্বতাঞ্চলত বিচৰণ কৰা বুলি দাবী কৰি দেখুওৱা ভাইৰেল ভিডিওটো AI-ৰ দ্বাৰা সৃষ্ট আৰু সম্পূৰ্ণৰূপে ভুৱা নিশ্চিত কৰা হয়।