পৰীক্ষা কৰা হ’ল: চৰকাৰে কোনো ধৰণৰ বিনামূলীয়া ৰিছাৰ্জ আঁচনি ঘোষণা কৰা নাই

0 132

জিও আৰু এয়াৰটেল ফোন ব্যৱহাৰকাৰীসকলে ১ ফেব্ৰুৱাৰী ২০২৬ৰ পৰা তিনি মাহৰ বিনামূলীয়া মোবাইল ৰিছাৰ্জ লাভ কৰিব পাৰিব বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ভিডিওটোৰ সৈতে দিয়া কেপচনত লিখা আছে:

ডাঙৰ খবৰ — ১ ফেব্ৰুৱাৰী পৰা সমগ্ৰ ভাৰতত জিও আৰু এয়াৰটেল  ছীমত ৩ মাহৰ বাবে ৰিচাৰ্জ বিনামূলীয়া কৰা হৈছে। 

ভিডিওটোৰ ভয়চ-অ’ভাৰত দৰ্শকসকলক উদ্দেশ্যি কোৱা হৈছে যে ১ ফেব্ৰুৱাৰী পৰা ভাৰতত মোবাইল ৰিচাৰ্জৰ মূল্য ২০০ টকা হ্ৰাস পাব আৰু এটা “চৰকাৰী প’ৰ্টেল” মুকলি কৰা হৈছে। ভিডিওটোত জিও, এয়াৰটেল বা আন যিকোনো ছীম ব্যৱহাৰকাৰীয়ে ভিডিওটো লাইক কৰি, মন্তব্যত নিজৰ নাম লিখি, একাধিকবাৰ শ্বেয়াৰ কৰাৰ লগতে একাউণ্টটো ফল’ কৰিবলৈ কোৱা হৈছে। লগতে, প্ৰ’ফাইলত দিয়া লিংকত ক্লিক কৰি নিজৰ মোবাইল নম্বৰ দি এটা প্লেন বাছনি কৰিলে তিনি মাহৰ বিনামূলীয়া ৰিচাৰ্জ পাব পাৰিব বুলি দাবী কৰিছে । 

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

নিউজ মোবাইলৰ পৰীক্ষণ

নিউজ মোবাইলে ভাইৰেল পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটো ভুৱা আৰু এই পোষ্টটো ধনৰ কেলেংকাৰীৰ সৈতে জৰিত বুলি প্ৰমাণ কৰে।

ভাইৰেল পোষ্টটোৰ সৈতে শ্বেয়াৰ কৰা লিংকটোত ক্লিক কৰা লগে লগে cryptobatter.com নামৰ এটা সন্দেহজনক ৱেবছাইটলৈ পুনৰনিৰ্দেশ কৰে। এই ডমেইনটোৰ ৰিলায়েন্ত জিও, ভাৰতী এয়াৰটেল বা ভাৰত চৰকাৰৰ কোনো অফিচিয়েল প্লেটফৰ্মৰ সৈতে কোনো সম্পৰ্ক নাই। এনে এটা অনানুষ্ঠানিক আৰু বিসংগতিপূৰ্ণ URL ব্যৱহাৰ কৰাটো যে অতি বিপদজনক হব পাৰে, তাৰ বাবে ই এটা ডাঙৰ সতর্ক সংকেত। 

এই সন্দৰ্ভত গুগলত বিশদভাবে অনুসন্ধান চলোৱাৰ পিছতো এই দাবীক সমৰ্থন কৰা কোনো বিশ্বাসযোগ্য বাতৰি,  প্ৰতিবেদন বা চৰকাৰী ঘোষণা পোৱা নগ’ল। আমি টেলিকম অপাৰেটৰ আৰু চৰকাৰী কৰ্তৃপক্ষৰ নিজা ৱেবছাইট আৰু সামাজিক মাধ্যমৰ হেণ্ডেলসমূহো পৰীক্ষা কৰোঁ—তাতো এনে কোনো বিনামূলীয়া ৰিছাৰ্জ আঁচনি ঘোষণা কৰা হোৱা নাই। 

অথবা, চৰকাৰ বা টেলিকম কোম্পানীসমূহে তিনি মাহৰ বিনামূলীয়া মোবাইল ৰিছাৰ্জ আগবঢ়োৱা নাই। ভাইৰেল ভিডিওটোত প্ৰৱঞ্চনা বাবে প্ৰকাশ কৰা কেতবোৰ কিটিপ অনুসৰণ কৰা দেখা গৈছে সেয়ে, ব্যৱহাৰকাৰীক লাইক, শ্বেয়াৰ, ফ’ল’ আৰু লিংকত ক্লিক কৰিবলৈ উদগনি দিয়া হয়। এনেদৰে, পৰৱৰ্তী সময়ত শেষত তেওঁলোকক ভুৱা ৱেবছাইটলৈ লৈ গৈ মোবাইল নম্বৰ আদি ব্যক্তিগত আৰু স্পৰ্শকাতৰ তথ্য চুৰি কৰাৰ চেষ্টা কৰা হয়। 

জিও  আৰু এয়াৰটেলে ১ ফেব্ৰুৱাৰী ২০২৬ৰ পৰা তিনি মাহৰ বিনামূলীয়া ৰিছাৰ্জৰ সুবিধা দিছে বুলি কৰা দাবী সম্পূৰ্ণৰূপে ভুৱা। 

ব্যৱহাৰকাৰীসকলক সন্দেহজনক লিংকত ক্লিক নকৰিবলৈ, ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰিবলৈ আৰু এনে ঘোষণা সন্দৰ্ভত কেৱল চৰকাৰী বা প্ৰতিষ্ঠানিক উৎসৰ ওপৰতহে ভৰসা কৰাহে উচিত বুলি কব পাৰি।