হিন্দীতে লিখা কেপচনটোত আছে- ”একাংশ লোকৰ বাবে এতিয়া চিনেমা হলতো আৰক্ষী বাহিনী মোতায়েন কৰিবলগা হৈছে। এতিয়া আৰক্ষীৰ পহৰা আছে, বেটাহঁত আহচোন চাও।”
ওপৰৰ পোষ্টটো ইয়াত পাব। একেধৰণৰ আন এটা পোষ্ট ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ফটোখন মৰ্ফ কৰা বুলি প্ৰতিপন্ন হয়।
ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি টুইট এটা লাভ কৰিলো তাত মূল পোষ্টাৰ খনৰো ফটো সংলগ্ন আছিল। এই ফটোখনত ৰনবীৰ লিং আৰু দীপিকা পাডুকনৰ ‘পদ্মাৱত’ চিনেমা খনৰে পোষ্টাৰ আছিল।
ওপৰৰ ভুৱা বনাম সত্যৰ ৰিজনিৰ বাবে লোৱা ফটো দুখনৰ পৰা স্পষ্ট হয় যে ভাইৰেল ফটোখন মূলতঃ পদ্মাৱতৰহে, সেইখন চুপাৰ অম্পোজ কৰি মৰ্ফ কৰা হৈছে।
আৰু অধিক অনুসন্ধান কৰাত মূল ফটোখনৰ সৈতে মিল থকা তেনে বহু ফটো দেখা পালো, দ্য হিন্দু কাকততো তেনে ফটো প্ৰকাশ হৈছিল।
ওপৰৰ বিশ্লেষণে এয়া প্ৰমাণ কৰে যে ভাইৰেল ফটোখন প্ৰকৃততে মৰ্ফ কৰা।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।