সত্যতা নিৰূপনঃ ব্ৰাজিলত দেখা মাহৰফুটুকীৰ ভিডিও ভুৱাকৈ ক’ইম্বাটোৰৰ বুলি প্ৰচাৰ কৰা হৈছে

0 104

কেইটামান নাহৰফুটুকী এটা ঘৰৰ পৰা ওলাই আহা ভিডিও সামাজিক মাদ্য়মত ভাইৰেল হৈছে। ভিডিওটোৰ সৈতে দাবী কৰা হৈছে যে এয়া তামিলনাডুৰ কইম্বাটোৰৰ কোভাই ভাৰতীয়াৰ বিশ্ববিদ্যালয় চৌহদৰ দৃশ্য।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি কেপচনত তামিল ভাষাতেই লিখিছে-কইম্বাটোৰৰ কোভাই ভাৰতীয়াৰ বিশ্ববিদ্যালয় চৌহদৰ দৃশ্য।

 

এই পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

.

যদি বিশ্ববিদ্যালয় চৌহদত নাহৰফুটুকী ওলালহেঁতেন তেন্তে এই বাতৰি নিস্চয় সংবাদ মাধ্যমত প্ৰচাৰ হলহেঁতেন।  

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি পৰ্তুগালবাতৰি লাভ কৰিলো। ব্ৰাজিলৰ মিডিয়া মিক্স নামৰ সংবাদ পত্ৰত ২০২২ৰ ১১ অক্টোৱৰত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো। তাৰ শিৰোনামত আছিল-টেপেৰা মৰুৱা? জাগুৱাৰৰ এমএছ দম্পতীৰ এখন ফাৰ্মহাউছত নাহৰফুটুকীৰ চালচলন। একেধৰণৰ আন এটা বাতৰি আমি ব্ৰাজিলৰ সাংবাদিক হোছানা লাউড্ৰেছৰ এটা ৱেবছাইট টুডোডোমছত ২০২২ৰ ১২ অক্টোৱৰত প্ৰকাশ হোৱা দেখিলো।

 

বাতৰিটোত প্ৰকাশিত ফোটৰ সৈতে ভিডিওৰ কী ফ্ৰেমৰ মিল দেখা গৈছে। সূত্ৰৰ অনুসৰি এই নাহৰফুটুকীকেইটা ব্ৰাজিলৰ ৰেটিৰো একিউৰিজেলৰ মিৰাণ্ডা অঞ্চলত দেখা গৈছিল।

ভিডিওটো ডঃবাৰ্ণোফেৰ্ণাণ্ডেছভেট নামৰ এজন লোকৰ ইনষ্টাগ্ৰাম ২০২২ৰ ৯ অক্টোৱৰত প্ৰচাৰিত এটা পোষ্টতো দেখা গল। পোষ্টটোত থকা কেপচনত কোৱা হৈছে যে এমএছ ৰেটিৰো একুৰিজালৰ মিৰাণ্ডাৰ ক্ৰিষ্টো ৰিডেণ্টোৰ ফাৰ্মহাউছৰ ভিচিৰত নাহৰফুটুকীবোৰ দেখা গৈচে। ইয়েই প্ৰমাণ কৰে য়ে এই ভিডিওটো ব্ৰাজিলৰ।

এনেদৰেই স্পষ্ট হয় যে কোভাই ভাৰতীয়াৰ বিশ্ববিদ্যালয় চৌহদত নাহৰফুটুকীৰ ত্ৰাস বুলি প্ৰচাৰ কৰা ভাইৰেল ভিডিওটো সত্য নহয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।