সত্যতা নিৰূপনঃ বুৰি খালিফাত তেলেংগানা থাল্লীৰ মূৰ্তি প্ৰদৰ্শন কৰা বুলি দাবী কৰি প্ৰচাৰিত ভিডিওটো ডিজিটেল মাধ্যমেৰে সম্পাদনা কৰা

0 31

৯ ডিচেম্বৰ ২০২৪  9, 2024ৰ দিনা তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিয়ে সচিবালয়ৰ সন্মুখত তেলেংগানা থাল্লীৰ মূৰ্তি উন্মোচন কৰিছিল। অৱশ্যে ৱিৰধী দলসমূহে এই মূৰ্তিটো  পূৰ্ৱৰ তেলেংগানা থাল্লীৰ মূৰ্তিটোকেই ইফাল সিফাল কৰি সজোৱা বুলি সমালোচনা কৰিছে। এনে বিতৰ্কৰ সময়তে  পুৰণি তেলেগু থাল্লীৰ ফটো এখন ডুবাইৰ ৱুৰি খালিফাত প্ৰদৰ্শন কৰা বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ফেচবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো  পোষ্ট কৰি কেপচনত লিখিছে:  *তেলেংগানা মাতৃ*  * ৱুৰি খালিফাত* ফটো। আনন্দত মোৰ হিয়া নধৰা হৈছে। … তেওঁলোকে এই আনন্দত বাধা দিব নোৱাৰে। … স্বাভাবিক ভাবেই তেলেংগানাৰ দেৱী উজলি আছে… কংগ্ৰেছ চৰকাৰ সলনি হোৱাত পুৰণি তেলেংগানা মাতৃ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত উজলিছে… জয় তেলেংগানা…

ওপৰৰ পোষ্টটো ইয়াত পাব। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ দাবী ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

ৱুৰি খালিফাত পুৰণি তেলেংগানা থাল্লীৰ প্ৰদৰ্শন কৰা সন্দৰ্ভত নিউজ মোবাইলৰ দলে সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি সন্ধান কৰিছিল যদিও তেনে কোনো বাতৰি দেখা নাপালে।  ইয়াৰোপৰি বুৰী খালিফাৰ সামাজিক মাধ্যমৰ একাউণ্টসমূহতো তেনে কোনো ফটো সন্নিবিষ্ট কৰা নাছিল।

ইয়াৰোপৰি, ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ জৰিয়তে ভাইৰেল ভিডওটোৰ মূল ভিডিওটো দেখা পোৱা গল। ভিডিওটো লাৰ্নিং লেন্স নামৰ ইউটিউব চেনেলটোৱে ২০২২ৰ ১৫ জুলাইত আপলোড কৰিছিল।

ইউটিউবত বিভিন্ন এংগলৰ পৰা লোৱা তেনেকুৱা আৰু অধিক ভিডিও দেখা পোৱা গল। 

মূল ফুটেজৰ সৈতে ভাইৰেল ভিডিওটো ৰিজাই চোৱাত দেখা গল যে তেলেংগানা থাল্লীৰ ফটোখন ডিজিটেলৰ মাধ্যমেৰে সম্পাদনা কৰি এনেদৰে সজাই তোলা হৈছে যে এয়া ৱুৰি খালিফাৰ সন্মুখৰহে দৃশ্য।

সেয়ে, কব পাৰি যে ৱুৰি খালিফাৰ তেলেংগানা থাল্লিৰ মূৰ্তি বুলি দাবী কৰা ভিডিওটো ডিজিটেল মাধ্যমেৰে সম্পাদিত।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799