সত্যতা নিৰূপনঃ কংগনা ৰানাৱটৰ ২০১৭ চনৰ ফটো এখনকেই ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে

0 115

কংগনা ৰানাৱটে বিএছএফৰ জোৱানৰ সৈতে মকৰ সংক্ৰান্তি পালন কৰা এখন ফটো শেহতীয়াকৈ সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে।

ফটোখনৰ সৈতে লিখা আছে- মকৰ সংক্ৰান্তিত কংগনা ৰানাৱটে সীমা সুৰক্ষা বলৰ জোৱানৰ সৈতে সময় কটাই তেওঁলোকক উত্সাহিত কৰিছে। #kangnaranout #bollywoodqueen

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

নৱোদয় টাইমছ ৰ ২০১৭ৰ ২ ছেপ্তেম্বৰৰ সংখ্যাত প্ৰকাশ পোৱা মতে কংগনা ৰানাৱটে তেওঁৰ ৰেংগুন ছবিৰ প্ৰচাৰৰ বাবে জম্মুৰ সেনা ছাউনীলৈ গৈছিল।

আৰু অধিক অনুসন্ধান কৰাত আমি দ্য ইণ্ডিয়ান এক্সপ্ৰেছ  কাকতৰ এটা বাতৰি ইউটিউবত প্ৰচাৰ কৰা দেখিলো। ভিডিওটোৰ বিৱৰণিত কংগনা ৰানাৱটে বিএছএফৰ জোৱানৰ সৈতে সুন্দৰকৈ কথা পতাৰ বাতৰি প্ৰকাশ পাইছে। তেওঁ জোৱানসকলে দেশৰ বাবে আগবঢ়োৱা ত্যাগ আৰু কৰ্মৰ বাবে সন্মান প্ৰদৰ্শন কৰে।

একেখন ফটো কংগনাই বিএছএফ জোৱানৰ সৈতে বিজয় দিৱস উদযাপনত মিলিত হোৱা বুলি কৰা দাবী ২০২১ চনত নিউজ মোবাইলে ভুৱা প্ৰতিপন্ন কৰিছিল।   

Fact Check: No, Kangana Ranaut Did NOT Celebrate Vijay Diwas With BSF Jawans

এই তথ্যই প্ৰমাণ কৰে যে এই ফটোখন ২০১৭ চনৰে, ফটোখন ভুৱা দাবীৰে পুনৰ বাৰ প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।