দিল্লী ৱিধান সভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে আম আদমী পাৰ্টী (আপ)ৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰযুক্তি ক্ষেত্ৰৰ বিলিয়নাৰী এলন মাস্কৰ একেলগে থকা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। এলন মাস্কৰ শেহতীয়া দিল্লী ভ্ৰমণৰ সময়ৰ বুলি দাবী কৰা ফটোখন দুয়ো ৰাজধানী চহৰখনৰ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰৰ উন্নয়ন সন্দৰ্ভত আলোচনাৰ মুহূৰ্তৰ বুলি দাবী কৰা হৈছে।
ভাইৰেল পোষ্টটোৰ কেপচনত আছে: “ব্ৰেকিং –@অৰবিন্দকেজৰিৱাল কেজৰিৱালক সাক্ষাতৰ বাবে এলন আজি পুৱা দিল্লীত উপস্থিত হৈছে। মাৰ্কিন নীতিৰে দিল্লীৰ স্বাস্থ্য সেৱা আৰু শিক্ষা খণ্ডৰ উন্নয়ন সন্দৰ্ভত আলোচনা সম্পন্ন হয় দুয়োৰে মাজত পাছত এই সন্দৰ্ভত ট্ৰাম্পৰ সৈতেও আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেজৰিৱালে নিজেই তেওঁক বিমান বন্দৰত আদৰণি জনাইছে। ”
Similar claims can be seenএকে ধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত (আৰ্কাইভ লিংক) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্টটোৰ দাবী ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।
এলন মাস্ক আৰু অৰবিন্দ কেজৰিৱালৰ সামাজিক মাধ্যমৰ একাউণ্টসমূহ বিশ্লেষণ কৰি চোৱাত নিউজ মোবাইলৰ দলে দুয়ো একেলগে থকা কোনো ধৰণৰ ফটো দেখা নাপালে। কৰ্পৰেট সাম্ৰাজ্যৰ কৰ্ণধাৰ এলন মাস্ক শেহতীয়াকৈ দিল্লী ভ্ৰমণলৈ অহা বা অৰবিন্দ কেজৰিৱালক সাক্ষাত্ কৰা কোনো ৱাতৰি মূল সূতিৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰা নাও দেখা পোৱা নগ’ল।
ফটোখন সুক্ষ্মভাবে নিৰীক্ষণ কৰাত কেইবাটাও আসোঁৱাহ দেখা পালো, যিবোৰ সাধাৰণতে AIৰ দ্বাৰা সজোৱা ফটোতহে দেখা যায়। লক্ষণীয় ভাবে এলন মাস্কৰ হাতখন অস্বাভাৱিক ধৰণে আধাতে কাট খাই গৈছে। আনহাতে কেজৰিৱালৰ দাংতকেিটাতো বিসংগতি দেখা গৈছে। ইয়াৰোপৰি দুয়োজনৰে আঙুলিও বিসংগতিপূৰ্ণ। ফটোখনৰ পাছফালৰ অংশও ৱ্লাৰ কৰা হৈছিল, অৰ্থাত্ অস্পষ্ট কৰা হৈছিল, যিয়ে ফটোখন সম্পাদনা কৰাৰ ইংগিত দিয়ে।
আমি ফটোখনত “@RisingPiku”ৰ ৱাটাৰ মাৰ্ক দেখা গৈছে। ইয়াৰোপৰি আমি একেটা নামৰ a ইণ্ষ্টাগ্ৰাম আৰু X একাউণ্ট দেখা পালো। তাৰ প্ৰফাইল বিৱৰণিত ব্যৱহাৰকাৰীগৰাকী AI অনুগামী আৰু কণ্টেত ক্ৰিয়েটৰ বুলি উল্লেখ কৰা আছে। এই একাউণ্টটোত কেইবাগৰাকী ৰাজনৈতিক আৰু বিখ্যাত ব্যক্তিৰ AIৰ দ্বাৰা নিৰ্মাণ কৰা ফটো সন্নিবিষ্ট কৰা আছে।
আৰু অধিক স্পষ্ট হোৱাৰ বাবে আমি ফটোখন AI detection tools Hive Moderation আৰু TrueMedia.orgত দি চালো। দুয়োটাতে ফটোখন AIৰ দ্বাৰা নিৰ্মাণ কৰা বুলি জানিব পৰা গ’ল।
এই তথ্যই মাস্ক আৰু কেজৰিৱালৰ ফটোখন AIৰ দ্বাৰা নিৰ্মাণ কৰা বুলি স্পষ্ট কৰে।