মুম্বাই ইণ্ডিয়ানছৰ কেপ্তেইন হিচাপে হাৰ্দিক পান্দিয়াৰ নাম প্ৰকাশ কৰাৰ পাছত ৰোহিত শৰ্মাৰ এটা বিশেষ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।
৪১ ছেকেণ্ডৰ ভিডিওটোৰ কেপচনত আছে: “হাৰ্দিক পান্দিয়াৰ নাম কেপ্তেইন হিচাপে ঘোষণা কৰাৰ পাছত ৰোহিত শৰ্মাৰ প্ৰতিক্ৰিয়া”

ওপৰৰ ভিডিওটো ইয়াত পাব (আৰ্কাইভ)।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমাৰ দলে ২০২০ৰ ২০ মেত ক্ৰিকেট কেশৰীত প্ৰচাৰিত ভিডিওটোৰ পূৰ্ণ দৈৰ্ঘৰ অংশ দেখা পালে। তাত শৰ্মাই আৰ অশ্বিনৰ সৈতে কথা পাতি আছিল।

আৰু অধিক অনুসন্ধান কৰাত আমি NNIS ক্ৰিকেটত ২০২০ৰ ১৮ মেত ত প্ৰচাৰিত সম্পূৰ্ণ ভিডিওটো দেখা পালো। closely observing this clip, we traced a part of the viral video in ভিডিওটোৰ ২৩:২২ মিনিট আৰু ২৪:৩২ মিনিটৰ দৃশ্যাংশ মনোযোগেৰে চাওতে ইয়াৰ সৈতে ভাইৰেল ক্লিপটোৰ হুবহু মিল থকা দেখিলো।
ভিডিওটো প্ৰথমে আৰ অশ্বিনে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত (@rashwin99) ২০২০ৰ ১৮ মেত প্ৰচাৰ কৰিছিল।
উল্লেখ্য যে পান্দিয়াক কেপ্তেইন ঘোষণা কৰা সন্দৰ্ভত ৰোহিত শৰ্মাই এতিয়াও মতামত দিয়া নাই।
এনেদৰেই প্ৰমাণ হয় যে চৰ্চিত ভিডিওটো তিনি বছৰ পুৰণি আৰু তাৰ সৈতে কৰা দাবীও ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
