সত্যতা নিৰূপণ: ৰে’লৰ ডবাত বহি থকা শ্বাহৰুখ খানৰ পুৰণি ফটো এখন ভুৱা দাবীৰে সামাজিক মাধ্যমত ভাইৰেল হৈছে

0 114

বহু প্ৰতীক্ষিত পাঠান ছবিখনৰ মুক্তিৰ পাছতেই ৰেলৰ ভিতৰত বহি থকা শ্বাহৰুখ খানৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে ছবিখনে আশানুৰূপ ফল দেখুৱাবলৈ সক্ষম নোহোৱাৰ বাবেই এনেদৰে ৰেলত ঘুৰি ফুৰিব লগা হৈছে। পাঠানত হোৱা লোকচান ভৰিবলৈ তেওঁ গাড়ীসমূহ, জেট প্লেন সকলো বিক্ৰী কৰিব লগা হৈছে বুলিও দাবী কৰা হৈছে।

ফটোৰ সৈতে থকা কেপচনত আছে: “পাঠান ফ্লপ হোৱাৰ পাছত শ্বাহৰুখ খানে তেওঁৰ ঘৰ, ৰলছ ৰয়েচ, বুগেটিৰ দৰে বিলাসবহুল গাড়ী, ছাৰ্টাৰ্ড প্লেন ইত্যাদি সকলোবোৰ বন্ধকী থৈ তাৰ টকাৰে ছবিখন বনোৱাৰ খৰছ কৰাৰ পাছত এতিয়া কেৱল ৰেলৰ থ্ৰী টায়াৰ ডবাত নিজৰ পাকিস্তানৰ ঘৰলৈ ৰাওনা হৈছে…#ভক্ত

ওপৰৰ পোষ্টটো ইয়াত চাব পাৰিব

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ফটোখন মৰ্ফ কৰা বুলি প্ৰতিপন্ন হয়।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি একেখন ফটো দ্য টাইমছ অৱ ইণ্ডিয়া ২০২০ৰ ১৬ জানুৱাৰী ৰ এটা বাতৰিত প্ৰকাশ পোৱা দেখিলো। বাতৰিটোত প্ৰকাশ পোৱা মতে ফটোখন SRKৰ ২০১৭ৰ ছবি ৰঈজৰ প্ৰচাৰৰ বাবে মুম্বাইৰ পৰা দিল্লীলৈ ৰেলেৰে যোৱাৰ সময়ৰ। ৰঈজৰ প্ৰচাৰৰ বাবে শ্বাহৰুখ খানে ৰেলেৰে ভ্ৰমণ কৰা ছবি ইয়াতইয়াত আৰু  ইয়াত আছে।

বক্স অফিচৰ সকলো ৰেকৰ্ড ভংগ কৰি পাঠানে মুক্তিৰ প্ৰথম দিনাই বিস্বজুৰি   ১০০কোটিৰ ঘৰ স্পৰ্শ কৰিছিল। হিন্দী চিনেমাৰ ইতিহাসত প্ৰথম দিনাই ইমান টকা উপাৰ্জন কৰাৰ ক্ষেত্ৰত ই এক অভিলেখ।

সেয়ে, আমি শেষত কব পাৰো যে SRKৰ পুৰণি ফটোকেই ভুৱা দাবীৰে সামাজিক মাধ্যমত ভাইৰেল কৰা হৈছে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।