সত্যতা নিৰূপণ: ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এম এছ ধোনীৰ সন্মানত ৭ টকাৰ মুদ্ৰা প্ৰচলন কৰা নাই

0 86

ক্ৰিকেটৰ কিংবদন্তি মহেন্দ্ৰ সিং ধোনীৰ ফটোসহ ৭টকীয়া মুদ্ৰাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।  পোষ্টটোত দাবী কৰা হৈছে যে  ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)এ ভাৰতৰ প্ৰাক্তন ক্ৰিকেট কেপ্তেইন গৰাকীৰ প্ৰতি সন্মান জনাই এই মুদ্ৰাৰ প্ৰচলন কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখিছে: “RBIয়ে  মহেন্দ্ৰ সিং ধোনীৰ প্ৰতি সন্মান জনাই ৭ টকাৰ মুদ্ৰাৰ প্ৰচলন কৰিছে। আন এক কাৰণত পুনৰবাৰ থালা উজলিছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ)ত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ফটোখন ৰিভাৰ্ছ অমেজ চাৰ্ছত দি আমাৰ অনুসন্ধানকাৰী দলে RBIয়ে নতুন মুদ্ৰা প্ৰচলন বা ভাইৰেল পোষ্টটোত দাবী কৰা ধৰণৰ কোনো জাননী প্ৰচাৰ কৰা দৈখা নাপালে। কাৰোবাৰ সন্মানৰ্থে মুদ্ৰা মুকলি কৰিলে সেয়া জাননী যোগে প্ৰচাৰ কৰা হয়।

ইয়াৰোপৰি PIBৰ ১৪ নৱেম্বৰ ২০২৪ এটা সত্যতা নিৰূপণ  প্ৰবন্ধত স্পষ্ট কৰি দিয়া হয় যে অৰ্থনৈতিক বিভাগে এমএছ ধোনীৰ সন্মানত ৭ টকীয়া মুদ্ৰা প্ৰচলন সন্দৰ্ভত কোনো জাননী প্ৰচাৰ কৰা নাই।

এনেদৰেই স্পষ্ট হয়  RBIয়ে মহেন্দ্ৰ সিং ধোনীৰ সন্মানৰ্থে ৭ টকীয়া মুদ্ৰা প্ৰচলন কৰা কথাটো ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799