সত্যতা নিৰূপণ: ৰাহুল গান্ধীয়ে সংখ্যা লঘু সকলক লৈ বিৰূপ কৰা মন্তব্য বুলি দাবী কৰি এটা সম্পাদিত ভিডিও ভাইৰেল কৰা হৈছে

0 1,352

২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়তে ৰাহুল গান্ধীয়ে ভাৰতীয়সকলৰ অৰ্থনৈতিক স্থিতৰ বিষয়ে জনা বাবে এটা সমীক্ষা চলাব বুলি কোৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। তেওঁ লগতে কেৱল মাত্ৰ সংখ্যালঘুলকলৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকলৈ লৈ পুনৰ অনুদান প্ৰদানৰ ব্যৱস্থা কৰাৰ কথাও প্ৰকাশ কৰিছে।

ওপৰৰ  পোষ্ট.  (আৰ্কাইভ) ৰ লিংক ইয়াত পাব

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্টত কৰা দাবী সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ  দলে  ২০২৪ৰ ১৫ এপ্ৰিলত   বিজনেছ ষ্টেণ্ডাৰ্ডত প্ৰকাশিত এটা লেখা লাভ কৰিলে। তাত একেটা ভিডিওৰে স্ক্ৰীণ শ্বটৰ ফটো দিয়া আছে। ভিডিওটো হায়দৰাবাদত ৬ এপ্ৰিলত ‘ন্যায় যাত্ৰা’ৰ সময়ত  দলীয় ইস্তাহাৰ কৰাৰ সময়ৰ।


মূল শব্দ- কংগ্ৰেছ ইস্তাহাৰ হায়জৰাবাত- প্ৰয়োগেৰে
ইউ টিউব অনুসন্ধান নিউজ মোবাইলৰ  দলে  ৰাহুল গান্ধীৰ নিজা চেনেলত ৬ এপ্ৰিলত আপলোড কৰা এটা ভিডিও লাভ কৰিলে। মূল ভিডিওটোত গান্ধীয়ে বহু কেইটা জনগোষ্ঠীৰ কথা উল্লেখ কৰি পিছপৰা শ্ৰেণী, দলিত, সংক্যালঘু, আদিবাসীকে ধৰি বিভিন্ন লোকৰ দেশ গঠনত অংশীদাৰিত্ব সন্দৰ্ভত এক্স ৰে’ কৰা (এক ধৰণৰ সমীক্ষা চলোৱা) কথা প্ৰকাশ কৰিছে। তেওঁ ৰাইজৰ বুজাত সুবিধা হোৱাৰ বাবেইজাতিগত জনগমণাকেই “Xএক্স-ৰে’বুলি উল্লেখ কৰিছে।

এই তথ্যই প্ৰমাণ কৰে, ৰাহুল গান্ধীয়ে সংখ্যালঘুসকলৰ বিৰুদ্ধে মন্ত্ব্য কৰা বুলি দাৱী কৰা পোষ্টটো ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel