সত্যতা নিৰূপণ: ৰাষ্ট্ৰপতি বিডেন, ফাৰ্ষ্ট লেডী আৰু জেলেনেস্কীৰ মৰ্ফ বা সম্পাদিত ফটো এখন সামাজিক মাধ্যমত ভাইৰেল হৈছে

0 166

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনেস্কীয়ে ২১ ডিচেম্বৰত ৱাশ্বিংটন ভ্ৰমণৰ পাছত ৰাষ্ট্ৰপতি বিডেনে ইউক্ৰেইনৰ নেতাজনৰ টিকাত হাত দি থকা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ওপৰৰ পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়। 

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি মাৰ্কিন ফাৰ্ষ্ট লেডী (@FLOTUS) য়ে ২০২২ৰ ২২ ডিচেম্বৰত তেওঁৰ টুইটাৰত মূল ফটোখন দেখা পালো।

মূল ফটোখনত ৰাষ্ট্ৰপতি বিডেন আৰু ফাৰ্ষ্ট লেডীয়ে জেলেনেস্কীৰ পিঠিত হাত দি আছিল।

দুয়োখন ফটো ৰিজাই চোৱাত ভাইৰেল ফটোখন ফটো এডিটিং ছফ্টৱেৰৰ দ্বাৰা সম্পাদনা কৰা বুলি ধৰিব পৰা যায়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।