এগৰাকী সামৰিক বিষয়াই ৰাইফল মাৰ্চিং অনুশীলন কৰা আকৰ্ষণীয় ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাৱী কৰা হৈছে যে অপাৰেচন সিন্দুৰৰ সফলতাৰ পাছত সংবাদ মেল সম্বোধন কৰা ছোফিয়া কুৰেছীয়ে এই আকৰ্ষণীয় অনুশীলন কৰিছে।
ফেচবুকত ভিডিওটো প্ৰচাৰ কৰি ফেচবুকত লিখিছে: এয়া ক্ৰণেল ছোফিয়া কুৰেছী…ডকাইতৰ দলটোৰ মাজত তেওঁৰ দৰে কোনোবা সাহসী সৈন্য দেখুৱাই দিব পাৰিবনে??#sofiaqureshi #indianarmy #SindoorMission
ওপৰৰ পোষ্ট (আৰ্কাইভ) টোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে Indian Army Facebook page ৰ ২০২৪ৰ ছেপ্তেম্বৰত প্ৰচাৰিত এটা পোষ্ট দেখা পালে। ইয়াত সামৰিক বাহিনীৰ ব্যক্তিগৰাকীয়ে সীমান্ত সুৰক্ষা বল (BSF )ৰহে পোছাক পৰিধান কৰা দেখা গৈচে, সেনাৰ পোছাক নহয়। ভিডিওটোৰ পাছফালৰ পৰিবেশ আৰু শুনিবলৈ পোৱা কথপোকথনে এয়া ব’ৰ্ডাৰ আউটপোষ্টৰ নিয়মীয়া অনুশীলন বুলি স্পষ্ট কৰে। বিশেষকৈ ভাৰত-পাকিস্তান সীমান্তৰ পৰিবেশ বুলি স্পষ্ট হয়।
অধিক অনুসন্ধানৰ পাছত আমি ‘অভিনৱ গুপ্তা অফিছিয়েল’ৰ এটা ইউটিউব চেনেল দেখা পালো। তাতো একেগৰাকী ব্যক্তিয়েই অনুশীলন কৰি থকা ভিডিও দেখা পালো। অভিনৱ গুপ্তাৰ ফেচবুক পৃষ্ঠাতো ৩০ মাৰ্চ ২০২৫ত একেটা ভিডিও আপলোড কৰা দেখা পালো। এই ভিডিওটোত এগৰাকী মহিলা বিষয়াই অনুশীলন কৰি থকা দেখা গৈছে। বিষয়াগৰাকীৰ পোছাকত থকা নে’ম প্লেটত অমৰজিৎ কৌৰ বুলি লিখা আছে।
কৰ্ণেল ছোফিয়া কুৰেছী হ’ল ভাৰতীয় সেনাৰ, বিএছএফৰ নহয়, আৰু এই ক্লিপটোৰ সৈতে তেওঁ জড়িত থকাৰ কোনো স্পষ্ট প্ৰমাণিত তথ্য নাই। এই ফুটেজটো হ’ল ৱ’ৰ্ডাৰ আউট পোষ্ট (BoPs) ত বিএছএফৰ সাধাৰণ অনুশীলন।
এনেদৰেই প্ৰমাণ হয় যে ৰাইফল মাৰ্চ কৰা ভাইৰেল ভিডিওটো কৰ্ণেল ছোফিয়া কুৰেছীৰ নহয়, বিএছএফ জোৱান অমৰজিৎ কৌৰৰহে।