সত্যতা নিৰূপণ: ২০২৩ চনৰ দক্ষিণ আফ্ৰিকাৰ জুই নুমুওৱা লোকৰ ভিডিওকেই ভুৱা দাবীৰে লছ এঞ্জেলেছৰ শেহতীয়া বনজুইৰ ঘটনাৰ দৃশ্য বুলি কোৱা হৈছে

0 0

দক্ষিণ আফ্ৰিকাৰ অগ্নি নিৰ্বাপক বাহিনীৰ দল এটাৰ ভিডিও এটা সামাজিক মাধ্যমতভাইৰেল হৈছে। দাবী কৰা হৈছে যে এওঁলোক লছ এঞ্জেলেছত সংঘটিত বন জুই নুমুওৱাৰ বাবে লছ এঞ্জেলেছলৈ যাত্ৰা কৰিছে।

ফেছবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো আপলোড কৰি কেপচনত লিখিছে: লছ এঞ্জেলেছৰ বন জুই নুমুওৱাত সহায় কৰাৰ বাবে দক্ষিণ আফ্ৰিকাৰ অগ্নি নিৰ্বাপক বাহিনীৰ দল এটা কানাডাত উপস্থিত হৈছে। এয়াই হল সুস্থ মানসিকতাৰ লোকৰ কাম। দক্ষিণ আফ্ৰিকাক লৈ গৌৰৱান্বিত!


ওপৰৰ পোষ্টটো ইয়াত  (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ  দলে ২০২৩ চনৰ ৯ জুনত ইউটিউবত আপলোড কৰা এটা ভিডিও লাভ কৰিলে। বাতৰিটোত প্ৰকাশ কৰা মতে বন জুই প্ৰশমনত সহায় কৰাৰ বাবে দক্ষিণ আফ্ৰিকাৰ অগ্নি নিৰ্বাপক বাহিনীৰ ২০০ৰো অধিক  লোক কানাডাত উপস্থিত হৈছে। এডমণ্ট।ৰ বিমান বন্দৰত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলক  তেওঁলোকৰ পৰম্পৰাগত গীত গোৱা দেখা গৈছে।য়ই দেখা গল

CTV নিউজৰ ফেছবুক পেজতো ২০২৩ৰ জুনত আপলোড কৰা এটা ভিডিওত একেই দৃশ্যই দেখা গৈছে। ভিডিওটোত বৰ্ণনা কৰা মতে বন জুই প্ৰশমনত স্থানীয় লোকক সহায় কৰাৰ বাবে দক্ষিণ আফ্ৰিকাৰ অগ্নি নিৰ্বাপক বাহিনীৰ ২০০ৰো অধিক লোক কানাডাত উপস্থিত হৈছে।   

এনেদৰেই প্ৰমাণ হয় যে ভাইৰেল হোৱা ভিডিওটোত দেখা দক্ষিণ আফ্ৰিকাৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে কানাডাৰ বনজুই প্ৰশমনৰ বাবেহে গৈছিল, লছ এঞ্জেলেছলৈ যোৱা নাছিল।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799