সত্যতা নিৰূপণ: ২০২১ৰ ফটো হিজবুল্লাই ইজৰাইলী সেনা আটক কৰা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

0 125

হিজবুল্লাৰ যোদ্ধাই ইজৰাইলৰ সেনা আটক কৰা বুলি দাবী কৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ফেচবুক ব্যৱহাৰকাৰী এজনে ফটোখন পোষ্ট কৰি কেপচনত লিখিছে  : হিজবুল্লাই লেবাননত ইজৰাইলী সেনা আটক কৰিছে।  তেওঁলোক  “বন্দী নহয়। ৭ অক্টোৱৰত হামাছে আটক কৰাৰ দৰে তেওঁলোক tIDF POWs-হে।  ইজৰাইলৰ সংবাদ মাধ্যমেহে মিছাকৈ বন্দী শব্দটো ব্যৱহাৰ কৰি ভুৱা প্ৰচাৰ চলাইছে।  


ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাওক।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দি অনুসন্ধান কৰাত নিউজ মোবাইলৰ  দলে ২০২১ৰ ১৬ ডিচেম্বৰত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলে।  তাৰ শিৰোনামত আছে: “হামাছ: অল-কাছম সমৰ কৌশলীসকলে তেওঁলোকৰ যাত্ৰাৰ বাবে অনুশীলন অব্যাহত ৰাখা বুলি জনায়। বাতৰিটোত প্ৰকাশ কৰা অনুসৰি কাছমৰ দলে গাজা ষ্ট্ৰীপত মহা অনুশীলন চলাই আছে।

শিৰোনামাসহ আন এটা বাতৰিত প্ৰকাশ হৈছে – য়েডিয়োথ অৰ্হোনোথ: দখলদাৰী সেনাই স্ষ্ট কৰিছে যে হামাছে সেনা অপহৰণ কৰাৰ বাবে স্থল বাহিনীৰ সমৰকলাৰ বাবে অনুশীলন অব্যাহত ৰাখিছে।। এই বাতৰিটোতো গাজা ষ্ট্ৰীপত কাছম বাহিনীয়ে অনুশীলন কৰি থকা একেখন ফটোকেই ব্যৱহাৰ কৰিছে।  

এই তথ্যৰ দ্বাৰাই স্পষ্ট হয়, ভাইৰেল ফটোখন এতিয়াৰ নহয়, ২০২১ৰ ফটো এখন ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799