প্ৰলয়ংকাৰী বানে সৰ্বত্ৰ বুৰাই পেলোৱা, আনকি ঘৰ-অট্টালিকাও বোকা পানীৰে ভৰি থকা দৃশ্যৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে এয়া বিপৰ্যয় বা-মাৰলী ৰ পাছত গুজৰাটৰ জাম নগৰৰ ভয়ংকৰ পৰিবেশ বুলি দাবী কৰিছে।
ফেচবুকত ভিডিওটোৰ সৈতে কেপচনত লিখা আছে – “ঘুৰছিয়া গাওঁ … জাম নগৰ .. গুজৰাট বিপৰ্যয় ধুমুহা”
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ৰিভাৰ্ছ ইমেজ চাৰ্ছত এই সন্দৰ্ভত অনুসন্ধান কৰাত আমি একেটা ভিডিও সংলগ্ন কৰা ২০২১ৰ ১৩ ছেপ্তেম্বৰৰ ফেচবুক পেজ এটা পালো, গুজৰাটীতে লিখা কেপচনটোত আছিল- “জাম নগৰ জিলাত মেঘৰ তাণ্ডব। সৰ্বত্ৰ বান। মানুহে জীৱন ৰক্ষাৰ বাবে যুঁজিবলগীয়া হৈছে। – ইয়ে স্প,্ট কৰে যে ভিডিওটো ২০২১ৰ, এতিয়াৰ নহয়।
আমি ২০২১ৰ ১৩ ছেপ্তেম্বৰৰ এটা ইউটিউব ভিডিওতো ভাইৰেল ভিডিওটো দেখা পালো। তাৰ কেপচনত আছিল : “যোৱা নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত জামনগৰ জিলাৰ আলিয়াবদা, জাম্বুদা, বালচড়ি, মোতীবানুগৰ, সাপড়া, পাছায়া বেৰ্জা আদি অঞ্চলত আজি ভয়ংকৰ পৰিস্থিতি। এতিয়ালৈ ২০-২৫ ইঞ্চি পৰ্যন্ত বৰষুণ পৰি আছে। ”
বান সংক্ৰান্তীয় বাতৰি, লেখা সমূহ পঢ়ি আমি দ্য কুইণ্ট, ইণ্ডিয়া টুডে আৰু বিজনেছ ষ্টেণ্ডাৰ্ডত কেইবাটাও বাতৰি লাভ কৰিলো। তাত উল্লেখ কৰা অনুসৰি গুজৰাটত ২০২১ৰ ছেপ্তেম্বৰত ভীষণ বৃষ্টিপাত হোৱাৰ ফলত জাম নগৰ আৰু ৰাজকোটৰ বিস্তীৰ্ণ অঞ্চলত বানে ক্ষতি সাধন কৰে। অতিপাত বৰষুণৰ বাবে বিভিন্ন স্থানত বহু ক্ষয়-ক্ষতি হয়।
এনেদৰেই ওপৰৰ তথ্যই প্ৰমাণ কৰে যে ভাইৰেল ভিডিওটো এতিয়াৰ নহয়, পুৰণি।
আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক