সত্যতা নিৰূপণ: ২০১৯ চনৰ ভিডিওকেই বিজেপি নেতাৰ মাজত হোৱা কাজিয়াৰ শেহতীয়া ভিডিও বুলি ভাইৰেল কৰা হৈছে

0 82

সভাগৃহ এটাত কেইজনমান লোকে কাজিয়া কৰি থকা এটা ভিডিও শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এয়া বিজেপিৰ নেতাসকলে দলীয় সভাত জোতা দলিয়াই কাজিয়া কৰা দৃশ্য।

পোষ্টটোত লিখা আছে: এক মিনিটতে ইজনে সিজনৰ গালৈ জোতা দলিয়াবলৈ ধৰিছে, এওঁলোক হল সংস্কাৰৰ কথা কোৱা নিৰ্লজ ভাৰতীয় জনতা পাৰ্টীৰ নেতা #নিৰ্লজ্জ_বিজেপি_সংস্কাৰ  

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়। 

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি এজন সাংবাদিকে ২০১৯ চনত প্ৰচাৰ কৰা একেটা ভিডিও পালো। ২০১৯ৰ ৬ মাৰ্চত এটা টুইটত সাংবাদিকজনে ভিডিওটো প্ৰচাৰ কৰি তাৰ বিৱৰণিত লিখিছে- উত্তৰ প্ৰদেশৰ সন্ত কবীৰ নগৰৰ বিজেপি সাংসদ শৰদ ত্ৰিপাঠীয়ে বিজেপি বিধায়ক ৰাকেশ ৱাঘেলক এখন জনসভা চলি থকাৰ মাজতে জোতাৰে আক্ৰমণ কৰিছিল। এই কাজিয়াৰ সূত্ৰপাত ঘটিছিল এখন উন্মোচনী ফলকত সাংসদজনৰ নাম উল্লেখ নথকাৰ বাবে।

ইয়াৰোপৰি ২০১৯ৰ ৬ মাৰ্চৰ আমাৰ নিউজ মোবাইল ৰ এটা প্ৰতিবেদনতো এই ঘটনাটো উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা ২০০ কি.মি. আঁতৰৰ সন্ত কবীৰ নগৰত বিজেপি সাংসদ শৰদ ত্ৰিপাঠী আৰু বিজেপি বিধায়ক ৰাকেশ সিঙৰ মাজত সংঘটিত হৈছিল বুলি প্ৰকাশ কৰা হৈছিল। দয়ো জনপ্ৰতিনিধিয়ে এটা আধাৰশিলাৰ উন্মোচনী ফলকত নাম সন্নিবিষ্ট কৰা সন্দৰ্ভত তৰ্কত লিপ্ত হৈছিল।     

নিউজ ৱায়াৰ, এএনআই ইউপিয়েও ২০১৯ৰ ৬ মাৰ্চত একেটা ভিডিও প্ৰচাৰ কৰিছিল।

২০২০ চনত নিউজ মোবাইলে এজন আম আদমী পাৰ্টীৰ সদস্য আৰু সাংসদ সঞ্জয় সিঙৰ মাজত কাজিয়া হোৱা বুলি দাবী কৰা একেটা ভিডিও সন্দৰ্ভত এয়া ভুৱা দাবী  বুলি সত্যতা নিৰূপণ কৰিছিল।    

Old video of scuffle between BJP MP, MLA resurfaces with FAKE claim

সেয়ে, ওপৰৰ তথ্যৰ পৰা স্পষ্ট হয় যে এই ভিডিওটো পুৰণি বুলি প্ৰতিপন্ন হয়।  

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।