সত্যতা নিৰূপণ: ২০১৮ চনৰ ভাৰত-বাংলাদেশ মিলন মেলাৰ ভিডিও এটা শেহতীয়া ভিডিও বুলি শ্বেয়াৰ কৰা হৈছে

0 85

তাঁৰকাটাৰ বেৰৰ কাষত গোট খোৱা বহু লোকৰ এটা ভিডিও  সামাজিক মাধ্যমত বহুল ভাবে প্ৰচাৰ হৈছে। বহুতে দাবী কৰিছে যে বাংলাদেশৰ শেহতীয়া সংঘৰ্ষময় পৰিস্থিতিৰ মাজতে ভৰত ভূমিত প্ৰৱেশ কৰিবলৈ অসমৰ ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশৰ বহু লোক গোট খোৱাৰ দৃশ্য এয়া।

তাৰ কেপচনত লিখিছে(তলত চাওক)

একে ধৰণৰ পোষ্ট  ইয়াত  (আৰ্কাইভ লিংক) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ   দলে ২০১৮ৰ এটা ভিডিও লাভ কৰিলে। তূত ভাৰত বাংলাদেশ মিলন মেলাৰ দৃশ্য দেখা গৈছে, যত দুয়োখন দেশৰ নাগৰিকে পৰস্পৰক উপহাৰ প্ৰদান কৰিছিল।একেটা ভিডিও  ইউটিউবতো পোৱা গৈছিল, তাৰ শিৰোনামত আছে: ভাৰতবাংলাদেশ মিলন মেলা ১৫ এপ্ৰিল ২০১৮।মিলন মেলা ভাৰত০বাংলাদেশ সীমান্তত ৫ জুন ২০১৮ চন।

মিলন মেলা কি ?

ETV, ৰ এটা বাতৰি মতে মিলন মেলা হল ভাৰত আৰু বাংলাদেশে প্ৰতিবছৰে আয়োজন কৰা এটা উত্সৱ। এই মেলাত দুয়োখন দেশৰ নাগৰিকে পৰম্পৰাগত ভাবে তৰ সংক্ৰান্তিৰ দিনা পৰস্পৰক উপহাৰ প্ৰদান কৰে।  তৰ সংক্ৰান্তিৰ বঙালী পঞ্জিকা অনুসৰি বছৰৰ শেষৰটো মাহৰ শেষৰ দিন। সেয়া সীমান্তৰ তাঁৰকাটা বেৰৰ দুয়ো পাৰ পৰা ইজনে সিজনক এই দিনটোত উপহাৰ আদান-প্ৰদান কৰে। ভাৰতৰ ফালে জলপাইগুৰিৰ ৰাজগাণি ব্লকৰ অন্তৰ্গত গদ্ৰক, ছুখানি আৰু ভোলাপাৰা কুকুৰজান সীমান্তত মানুহ গোট খাই সিপাৰৰ নাৰিকক উপহাৰ প্ৰদান কৰিছিল।

২০২৩ৰ ১৩ এপ্ৰিলৰ বাতৰিটোত ইয়াকো কোৱা হৈছে যে ক্ৰমাগত ৪বছৰৰ বাবে এই অনুষ্ঠান পতা হোৱা নাছিল। যোৱা বছৰ বিধান সভা নিৰ্বাচনৰ বাবে এই অনুষ্ঠান পতা হোৱা নাছিল। তাৰ আগৰ দুবছৰ কোভিডৰ বাবে পতা হোৱা নাছিল আৰু এই বছৰ আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকাত এই অনুষ্ঠান পতা নাছিল।

এই তথ্যই প্ৰমাণ কৰে, ভিডিওটো বাংলাদশৰ শেহতীয়া পৰিস্থিতিৰ সময়ৰ নহয়, পুৰণি।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

Error: Contact form not found.

Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel