সেনাই নিক্ষেপ কৰা মিছাইলৰ আঘাতত এখন হেলিকপ্তাৰ ধ্বস হৈ যোৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। মিছাইলটোৱে হেলিকপ্তাৰৰ পাছফালে আঘাত কৰাত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু মাটিলৈ খহি পৰে। বহুতে হেলিকপ্তাৰখন পাককককককককৰ আৰু আফগান সেনাই এইখন ধ্বংস কৰা বুলি দাবী কৰিছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে:
আফ’গান সৈনিকে বিতর্কিত ডু’রান্ড লাইনত পাকি’স্তানী সেনাবাহিনীৰ হেলিকপ্তাৰ ধ্বংস কৰিছে😁😁
পোষ্টটো ইয়াত চাব পাৰিব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
বিভিন্ন কী ৱৰ্ড বা মূল শব্দ ব্যহাৰ কৰি অনুসন্দান কৰাত আফগান সেনাই পাকিস্তানৰ হেলিকপ্তাৰ ধ্বংস কৰা কোনো বাতৰি লাভ নকৰিলো। অৱশ্যে আমি ২০২৪ৰ ১৫ মে’ত ৰয়টাৰত প্ৰকাশিত এটা বাতৰি দেখা পালো। তাত উল্লেখ আছিল May “আফগান সেনাৰ এখন হেলিকপ্তাৰ জৰুৰীভাবে আকাশৰ পৰা তললৈ নমাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয়, এই ঘটনাত ১৫জন লোক নিহত হোৱাৰ লগতে ১২জন আহত হয়।”
২০১৬ৰ ২৪ মে’ত Mirror UK (মিৰ’ৰ ইউকে)ত প্ৰচাৰিত এটা বাতৰিতো একেটা ভিডিও দেখা গৈছে। দুৰ্ঘটনাটো কুৰ্ডিছত, বিচ্ছিন্নতাবাদী দল কুৰ্ডিছ ৱ্ৰকাৰছ পাৰ্টী (PKK )ৰ কূটাঘাতৰ বাবে সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই PKK সংগঠনটো ইজৰাই, ছিৰিয়া আৰু তুৰস্কত সক্ৰিয় হৈ সন্ত্ৰাবাদী কাৰ্যকালাপ চলাই আছে।
আৰু অধিক অনুসন্ধানত ২০১৬ৰ ১৪ মে’ত ৱাশ্বিংটন পোষ্টত প্ৰকাশিত এটা বাতৰি লাভ কৰিলো। ইয়াত স্পষ্ট কৰা হয় যে এই ঘটনা দক্ষিণ তুৰস্কৰ পৰ্বতীয়া অঞ্চলত সংঘটিত হৈছিল। প্ৰাম্ভিকত এয়া যান্ত্ৰিক বিজুতিৰ বাবে হাক্কাৰি প্ৰদেশত এই দুৰ্ঘটনা সংঘটিত হৈছিল বুলি তুৰস্ক চৰকাৰে প্ৰকাশ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত গৰিলা টিভিৰ ইউটিউব চেনেলত আপলোড কৰা ভিডিওত এয়া আক্ৰমণৰ ঘটনা বুলি স্পষ্ট হয়, তুৰস্কৰ চৰকাৰে এই সন্দৰ্ভত কোনো মন্তব্য নিদিয়ে বুলি জনাইছিল।
এনেদৰেই স্পষ্ট হয় যে আফগান সেনাই পাকিস্তানী হেলিকোপ্তাৰ মিছাইলেৰে গুলীয়াই ধ্বংস কৰা বুলি দাবী কৰা পোষ্টটোৰ ভিডিও ভুৱা।