ৱ্কই (সংশোধনী) বিল ২০২৫ক কেন্দ্ৰ কৰি পশ্চিম বংগত অশান্তিময় পৰিবেশ চলি থকাৰ মাজতে এটা উদ্বেগজনক ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোত এজন আৰক্ষী বিষয়াই বৰ্বৰ ভাবে লাঠিৰে কোবোৱা হৈছে। বহুতে প্ৰকাশ কৰিছে যে ভিডিওটো হনুমান জয়ন্তীৰ দিনা প্ৰভাতফেৰীৰ সমত চলা আক্ৰমণৰ।
ভিডিওটোৰ সৈতে হিন্দীতে লিখা কেপচনটোত আছে: এই ভিডিওটো পশ্চিমবংগৰ বীৰভূমিৰ। কোব খোৱা লোকজন হিন্দু। কোবোৱা আৰক্ষী বিষয়াজন SP নিশান্ত পাৰ্ভেজ আৰু ADSP ফাৰহাত আব্বাছ। দোষ আছিল তেওঁলোকে হনুমান জয়ন্তীৰ দিনা প্ৰভাত ফেৰী উলিয়াইছিল আৰু মমতা বাইদেৱে শৰিয়া লগাই হিন্দুসকলৰ জীৱন নৰক ৰপি পেলালে।
১৯ এপ্ৰিল ২০২৫ত আপলোড কৰা এই পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন কৰে।
ইনভিডৰ সহায়ত ভিডিওটোৰ কী ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ২০১৪ৰ ৩২ ছেপ্তেম্বৰত ইণ্ডিয়া জন নামৰ ইউটিউব চেনেলটোত এই ভিডিওটো আপলোদ কৰা দেখিলে।
ইয়াৰোপৰি একেটা ভিডিও বিভিন্ন সময়ত বিভিন্ন ব্যাখ্যাৰে বহুবাৰ প্ৰচাৰ কৰা হৈছে। সামাজিক মাধ্যমৰ পুৰণি পোষ্টবোৰ ইয়াত আৰু ইয়াত পাব। এইবোৰে প্ৰমাণ কৰে একেটা ভিডিও বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰচাৰ কৰা হৈছে।
গুৰুত্বপূৰ্ণ কথাটো হল পশ্চিমবংগ আৰক্ষীৰl X হেণ্ডেলত (পূৰ্বতে টুইটাৰ) এই ভিডিওটো ২০১৭ চনৰ বুলি নিশ্চিত কৰিছে। সেই সময়ৰ একেধৰণৰ দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীয়ে স্পষ্ট কৰে যে ভিডিওটো সাম্প্ৰদায়িক বিষবাষ্প বিলোৱাৰ উদ্ধেশ্যৰে ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে। সাম্প্ৰদায়িক পোষ্টটো শ্বেয়াৰ কৰা বাবে আচানচোলৰ বিজেপিৰ আইটি চেলৰ সম্পাদক তৰুণ সেনগুপ্তাক গ্ৰেপ্তাৰ কৰা বুলিও আৰক্ষীয়ে ঘোষণা কৰিছিল।
Tarun Sengupta, Secretary BJP IT Cell, Asansol, WB, arrested today for spreading fake news and creating communal disharmony. pic.twitter.com/GRWSPPnMq5
— CID West Bengal (@CIDWestBengal) July 12, 2017
এই তথ্যই প্ৰমাণ কৰে, ২০১৪ চনৰেই ভাইৰেল ভিডিও এটাকেই পশ্চিমবংগৰ হনুমান জয়ন্তীৰ দিনা সৃষ্টি হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ৰ ভিডিও বুলি ভুৱাকৈ দাবী কৰা হৈছে।