১৯৯২ চনত হাইদৰাবাদৰ হুছেইন সাগৰ, বান্ধত নিৰ্মীত বুদ্ধ মূৰ্তিৰ দৃশ্য বুলি দাবী কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে “১৯৯২লৈ ঘূৰি যাওক আৰু সেই সময়ৰ দিনবোৰ মনত পেলাওক, বুদ্ধ মূৰ্তি *হুছেইন সাগৰ*ত *টেংক বান্ড, হাইদৰাবাদত প্ৰতিষ্ঠা কৰা সময়ৰ কথা। আমাৰ বহুতে এই দৃশ্য উপভোগ কৰিছিল আৰু একেই দৃশ্য পুনৰবাৰ দেখি *উল্লাসিত* হ’ব।”

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিঅ’টোৰ কী-ফ্ৰেমসৰ ফটো ৰিভাৰ্ছ ইমেজ ছাৰ্চত দিয়াত নিউজ মোবাইলৰ দলটোৱে ৭ ছেপ্টেম্বৰ, ২০২৫ত প্ৰচাৰিত এটা ইনষ্টাগ্ৰাম পোষ্টত মূল উৎসৰ সন্ধান পালে। সেই পোষ্ট ত ভিডিঅ’টো AI-ৰ দ্বাৰা সম্পাদিত বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে।
অবশ্যে পোষ্টটো প্ৰস্তুতকৰ্তাৰ প্ৰ’ফাইল পৰ্যালোচনা কৰোতে জানিব পৰা গৈছে যে তেওঁ এজন ডিজিটেল মাধ্যমৰ ভিডিও সৃষ্টিকাৰী আৰু আগতে বহুতো একে ধৰণৰ AI-ৰ দ্বাৰা সম্পাদিত ভিডিঅ’ শ্বেয়াৰ কৰিছে।

হাইভ ম’ডাৰেচন (Hive Moderation) নামৰ এটা AI চিনাক্তকৰণ সঁজুলি ব্যৱহাৰ কৰি ভিডিঅ’টো পৰীক্ষা কৰাত নিশ্চিত হৈছে যে এই সামগ্ৰীটো AI-ৰ দ্বাৰা সম্পাদিত।

এনেদৰে প্ৰমাণ হয় যে ১৯৯২ চনত হাইদৰাবাদত বুদ্ধ মূৰ্তি নিৰ্মাণৰ দৃশ্য বুলি দাবী কৰা এই ভিডিঅ’টো বিভ্ৰান্তিকৰ।

