দেশৰ ৭৮ সংখ্যক স্ৱাধীনতা দিবসৰ প্ৰাক মূহুৰ্তত সামাজিক মাধ্যমত এটা পোষ্ট ভাইৰেল হৈছে। পোষ্টটোত উল্লেখ কৰা মতে ভাৰত চৰকাৰে সকলো নাগৰিককে ৬৯৯ টকাৰ পৰা ৫০০০ টকা পৰ্যন্ত ধনৰাশি সাদাৰণ ৰাইজলৈ আগৱঢ়াৱ। মেছেজটোৰ সৈতে টকা সকলোবে যাতে টকাৰ আৱেদন কৰিৱ পাৰে এটা লিংকো সংলগ্ন কৰি দিছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
https://wh1463450.ispot.cc/Hindi/?… আৰু আমাৰ দলে মেছেজৰ সৈতে দিয়া-
https://wh1448961.ispot.cc/bengali/?…
লিংক দুটা পৰীক্ষা কৰি চালে।
বিজেপিৰ ল’গ’, প্ৰধানমন্ত্ৰীৰ ধনজন যোজনা আৰু প্ৰধানমন্ত্ৰীৰ ফটো থকা বেৱচাইটটো চৰকাৰী বেৱছাইটৰ দৰেই। এইটো কিন্তু প্ৰকৃততে ভুবা নথিৰে নিৰ্মাণ কৰা বেৱছাইটৰ উৎকৃষ্ট উদাহৰণ।


ভাৰত চৰকাৰৰ চৰকাৰী হেণ্ডেল, বিজেপি, বিত্ত মন্ত্ৰালয়, মুদ্ৰা যোজনাৰ সৈতে ৰিজাই চোৱাৰ লগতে ৱেবছাইট কেইটা পৰীক্ষা কৰাত এনে ধৰণৰ টকা বিতৰণ কৰাৰ কোনো আচনিৰ কথা উল্লেখ থকা দেখা নাপালো।
এনে ধৰণৰ ভুৱা আঁচনিৰ প্ৰচাৰ এয়াই প্ৰথম ঘটনা নহয়। পূৰ্বেও নিউজ মোবাইলে আমাজন, ফ্লিপকাৰ্ট, টাটা গ্ৰুপ আৰু হীমছ হোক্সেছৰ একে ধৰণৰ ঘোষণা ভুৱা বুলি প্ৰতিপন্ন কৰিছিল।
এনেদৰেই প্ৰমাণ হয়, চৰকাৰে ৬৯৯ টকাৰ পৰা ৫০০০ টকালৈ ৰাইজক উপহাৰ স্বৰূপে দিয়া ঘোষণাটো সত্য নহয়। আপোনাৰ ব্যক্তিগত তথ্য লাভ কৰাৰ বাবেও এই ধৰণৰ পোষ্ট দিয়া হ’ব পাৰে।

