পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা উগ্ৰপন্থীৰ শিৱিৰত ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰৰ জৰিয়তে চলোৱা আক্ৰমণৰ বাতৰি চলি থকাৰ সময়তে সামৰিক সমৰ সজ্জা-অনুশীলনৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ভিডিওত পাকিস্তানৰ JF-17 ঠাণ্ডাৰ ফাইটাৰ জেটখন অটোমেটেড ৰাডাৰ ব্যৱস্থাৰে “ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে গুলীয়াই ধ্বংস কৰা ” বুলি দাবী কৰা হৈছে।
ভিডিওটোৰ কেপচনত লিখা আছে: “পুৱতি নিশা ২ৱজাত ভাৰতৰ অটোমেটিক ৰাডাৰ #ভাৰ #ভাৰতীয়সেনা”
ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাব পাৰিব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কীফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে একেটা ভিডিও ৩০ মাৰ্চ ২০২৫ ত ইনষ্টাগ্ৰামত আপলোড কৰা দেখা পালে, অৰ্থাত্ অপাৰেচন সিন্দুৰ আৰম্ভ হোৱাৰ বহু পূৰ্ৱতেই আপলোড কৰা হৈছিল ভিডিওটো।
ভিডুৱেলখিনি সুক্ষ্ম ভাৱে নিৰীক্ষণ কৰাত — তাৰ এনিমেচন শৈলী, ৰাডাৰৰ আকাৰ, আৰু ৱিমানৰ চালচলনলৈ লক্ষ্য কৰিলে এয়া — সঁচা ভিডিও নহয় বুলি স্পষ্ট হয়।
একে ধৰণৰ কী-ৱৰ্ড বা মূল শব্দ ব্যৱহাৰ কৰি অধিক অনুসন্ধান কৰাত এই ভিডিওটো ARMA 3ৰ সেনা অনুশীলনৰ ভিডিও গে’মৰ বহু মিল দেখা পোৱা গ’ল। এই ভিডিও গে’মৰ দৃশ্যাৱলী সঁচা যেন লাগে, ইয়াত থকা ৰাডাৰৰ দ্বাৰা জেট আক্ৰমণ কৰা ভিডিওবোৰ সত্য যেন লাগে।
শেষত এই কথা স্পষ্ট হয় যে ভাইৰেল ভিডিওটো অপাৰেচন সিন্দুৰৰ নহয়, ই ভিডিও গে’মৰ অংশহে।