সত্যতা নিৰূপণ: সযোগী আদিত্যনাথে টিভিত শ্বাহৰুখ খানৰ অনুষ্ঠান চাই থকা ফটোখন সম্পাদিত

0 76

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে টিভিত স্বাহৰুখ খানৰ অনুষ্ঠান চাই থকা এখন ফটো শেহতীয়াকৈ সামাজিক মাধ্যমত বহুল প্ৰচাৰিত হৈছে।   

ফটোখনৰ সৈতে লিখা আছেফিফা বিশ্বকাপৰ ফাইনেল খেল উপভোগ কৰিছে মুখ্যমন্ত্ৰী যোগীজীয়ে | যোগীজীয়ে জানিবলৈ পাৰিছিল যে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল #শ্বাহৰুখখানে মেচৰ মাজত ষ্টুডিওৰ পৰা লাইভ এংকৰিং কৰিছে, সেয়ে তেওঁ নোচোৱাকৈ থাকিব নোৱাৰিলে| যোগীজীয়েও #পাঠান চলচ্চিত্ৰখনৰ বাবে ব্যাকুল ভাবে অপেক্ষা কৰি আছে।

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ফটোখন সম্পাদিত বুলি প্ৰতিপন্ন হয়।

আমি টুইটাৰত ফটোখন দেখা পালো

মূল ফটোখনত মখ্যমন্ত্ৰীজনে ফিফা বিশ্বকাপৰ ফাইনেল খেল উপভোগ কৰি আছে।

একেখন ফটোৱেই  যোগী আদিত্যনাথৰ টুইটাৰ হেণ্ডেলতো দেখা গৈছে।

 

এনেদৰেই ভাইৰেল ফটোখন সম্পাদিত বুলি প্ৰমাণিত হল।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।