সম্প্ৰতি পাঠান নামৰ হিন্দী চিনেমাখনক লৈ চলি থকা বিতৰ্কৰ মাজতে বিবিচি হিন্দীৰ টুইট এটাৰ স্ক্ৰীণশ্বট সামাজিক মাধ্যমত ভাইৰেল হৈছে। তাত শ্বাহৰুখ খানে এটা “ডাঙৰ কথা” প্ৰকাশ কৰা বুলি উল্লেখ কৰা হৈছে।
ভাইৰেল টুইটটোট উল্লেখ আছে যে শ্বাহৰুখ খানে পাকিস্তানক দ্বিতীয়খন ঘৰ বুলি উল্লেখ কৰিছে, লগতে, পাঠান চিনেমাখনৰ পৰা প্ৰথম কেইদিনত সংগ্ৰহ হোৱা সমূলি ধন পাকিস্তানৰ বেচৰকাৰী সংস্থা এটাক দান কৰিব বুলিও উল্লেখ কৰা হৈছে। পুনৰ লিখা আছে-“জন আব্ৰাহামে এই সন্দৰ্ভত তেওঁৰ সমৰ্থন আগবঢ়াইছে। দীপিকায়ো এই প্ৰসংগতে কৈছে যে তেওঁ আগতেও বয়কট গেং বা সমাজচ্যুত কৰাৰ ভাবুকি দিয়া একাংশলৈ কেৰেপ কৰা নাছিল, এতিয়াও নকৰে।”
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।
আমি মূল শব্দ বা কী ৱৰ্ড ব্যৱহাৰ কৰি অনুসন্ধান কৰিলো কিন্তু এই সন্দৰ্ভত কোনো বাতৰি লাভ নকৰিলো। শ্বাহৰুখ খানে তেনে কোনো কথা প্ৰকাশ কৰিলে সেয়া সংবাদ মাধ্যমে নিশ্চয় প্ৰচাৰ কৰিলে হয়।
BBC News Hindi (বিবিচি নিউজ হিন্দী)ৰ টুইটাৰ হেণ্ডেলতো ভাইৰেল পোষ্টটোত দাবী কৰাৰ দৰে ২০২০ৰ ১৫ ডিচেম্বৰত এনেধৰণৰ কোনো টুইট প্ৰচাৰ হোৱা দেখা নাপালো।
ভাইৰেল ফটোখন ভালদৰে পৰীক্ষা কৰাত বিবিচি হিন্দী টুইটটোৰ তাৰিখৰ মোহৰৰ কাষতে “টুইটাৰ ফৰ অ’কেচেটায়াৰ” বুলি লিখা থকা কথাষাৰেই জনায় এয়া সমালোচনামূলক ধেমেলীয়া পোষ্ট বুলি।
আমি গুগলত মূল শব্দ “Ok Satire”, ব্যৱহাৰ কৰি অনুসন্ধান কৰাত একেটা নামৰ এটা ফেচবুক পে’জ লাভ কৰিলো। ইয়াত ১৫ ডিচেম্বৰত পোষ্ট কৰা টুইটটোৰ কথাখিনিয়েই আমি দেখা পালো।
সেয়ে, এয়া স্পষ্ট হ’ল যে টুইটটোৰ স্ক্ৰীণশ্বটত উল্লেখ কৰাৰ দৰে ছাহৰুখ খানে পাকিস্তান তেওঁৰ দ্বিতীয় ঘৰ বুলি কোৱা কথাষাৰ মিছা।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।