যোৱা ৮ এপ্ৰিলৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেন্নাই বিমানকোঠত ৫২০০ কোটি টকীয়া নতুন ইণ্টিগ্ৰেটেজ বিল্ডিং প্ৰকল্পৰ উদ্ধোধন আৰু চেন্নাই-কোইম্বাটোৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰেল মুকলি কৰাৰ বাবে চেন্নাই ভ্ৰমণ কৰিছিল। তেঁও লগতে জনজাতীয় দম্পতীয়ে অভিনয় কৰা অস্কাৰ বিজয়ী ডকুমেণ্টৰী দ্য এলিফেণ্ট হুইছপাৰ খ্যাত বোম্মান আৰু বেলীৰ মুদুমালাই ব্যঘ্ৰ প্ৰকল্পও ভ্ৰমণ কৰিছিল।
এই প্ৰসংগতেই ‘তামিলনাডুৱে কৈছে, মোদী ওভতি যোৱা, আমি তোমাক ঘিন কৰোঁ’- বুলি লিখা থকা এখন ৰে’ল ষ্টেচনত থকা ছাইনবৰ্ডৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।
ফেচবুকত প্ৰচাৰ কৰা ফটোখনৰ সৈতে কেপচনত লিখা আছে- “এনেদৰেই তামিলনাডুত ৰাইজে মোডীক আদৰণি জনাইছে।”
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০১৬ৰ ১৭ মাৰ্চত বিজনেছ ইনছাইডাৰ ত প্ৰকাশিত এটা বাতৰিত মূল ফটোখনদেখা পালো। ফটোখন এডৱাৰ্ড হেনলিয়ে তোলা, তেওঁ ডিব্ৰুগড়ৰ – কন্যাকুমাৰী বিবেক এক্সপ্ৰেছেৰে কন্যাকুমাৰীলৈ ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰেল যাত্ৰা সম্পন্ন কৰাৰ পাছত ফটোখন সংগ্ৰহ কৰিছিল।
মূল ফটোখন ২০১৬ চনৰ ১৫ মাৰ্চত বাজফীড ত প্ৰকাশিত এটা বাতৰিতো প্ৰকাশ হৈছিল। তাৰ শিৰোনামত আছিল- “ছভাৰতৰ আটাইতকৈ দীঘলীয়া ৰেল যাত্ৰাৰ সময়ৰ ২৫খন শ্বাসৰুদ্ধকৰ ফটো।” তলত মূল ফটো আৰু ভাইৰেল পোষ্টটোৰ ফটোখনৰ ৰিজনি দিয়া হল।
ছআমি এডৱাৰ্ড হেনলিৰ ইউটিউব পেজত আপলোড কৰা সময়ে সময়ে ৰেকৰ্ড কৰি ভিডিও এটাৰ লিংক কন্যাকুমাৰী এক্সপ্ৰেছৰ ইউটিউবতো দেখিলো। হেনলিয়ে ২০১৬ৰ ৩ মাৰ্চত এই ভিডিোটো প্ৰচাৰ কৰিছিল আৰু ভিডিওটোক ১:৪১ মিনিটত ভাইৰেল পোষ্টটোৰ ফটোখনৰ মূল ফটোখন দেখা যায়।
এই তথ্যই প্ৰমাণ কৰে যে ভাইৰেল হোৱা ফটোখন সম্পাদনা কৰা।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।