৬ জানুৱাৰীত তুৰস্কত সংঘটিত তিনিটা ভূমিকম্পৰ ঘটনাত ৮০০০তকৈও অধিক লোকৰ মৃত্যু হৈছিল।এনে সময়তে বহু উচ্চতাৰ পৰা মানুহ এজনে জাঁপ মৰা এটা ভয়াবহ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে তুৰস্কৰ ভূমিকম্পৰ সময়ত মানুহজনে ভয়ত এনেদৰে জঁপিয়াইছিল।
ভিডিওটো পেচবুকত প্ৰচাৰ কৰি কেপচনত লিখিছিল- “তুৰস্কত যেতিয়া ২.৮ মাপৰ ভূমিকম্পৰ সময়ত আত্ৰাণিত এজন মানুহে তেওঁৰ ঘৰৰ ওপৰ মহলাৰ পৰা জাপ মাৰিছে।”
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।
আমি ভিডিওটোৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত ২০২২ৰ এটা বাতৰি ত একেটা ভাইৰেল ভিডিও সম্প্ৰচাৰ কৰা দেখা পালো। তাৰ কেপচনত আছিল- “এজন মানুহে ভূমিকম্পৰ ভয়ত তেওঁৰ ঘৰৰ বেলকনিৰ পৰা জাঁপ মাৰিছে।” ইয়ে স্পষ্ট কৰে যে ভিডিোটো তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ নহয়।
একেটা ভিডিও ২০২২ৰ ২৩ নৱেম্বৰৰ বহুকেইটা বাতৰি ত প্ৰকাশ হৈছিল, যাৰ কেপচনত আছিল- “ডুজে (Düzce )চহৰত সংঘটিত ভূমিকম্পৰ সময়ত এজন মানুহে তেওঁৰ ঘৰৰ খিৰিকিৰে জঁপিওৱাৰ ফলত আঘাতপ্ৰাপ্ত হয়।”
বিভিন্ন বাতৰিত প্ৰকাশ পোৱা অনুসৰি তুৰস্কৰ ডুজে চহৰত ২০২২ৰ ২৩ ৰিখটাৰ স্কেলত ৫.৯ মাত্ৰাৰ ভূমিকম্প হৈছিল। ভিডিওটোত দেখা মানুহজনৰ নাম আডা লেইন। তেওঁ তেওঁৰ বাসভবনৰ তৃতীয় মহলাৰ পৰা জাঁপ মাৰিছিল, ফলত তেওঁৰ দুয়োখন হাত ভাঙিছিল। সেই ভূমিকম্পটোত কোনো গুৰুতৰ ঘটনা, মানুহ আঘাতপ্ৰাপ্ত হোৱা বা সম্পত্তিৰ ক্ষতি সাধন হোৱাৰ বাতৰি প্ৰকাশ পোৱা নাছিল।
এই তথ্যসমূহৰ পৰাই স্পষ্ট হয় যে ভাইৰেল হোৱা ভিডিওটো তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ সময়ৰ নহয়।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।