মানুহৰ হাতৰ দৰে দেখা ৰঙা মঙহাল হাত গেলামালৰ দোকানৰ শ্বকেচত সজাই থোৱা ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই হাতকেইখন সঁচা হাত বুলি দাবী কৰা হৈছে।
ফেচবুক পোষ্টটোত লিখা আছে: “মানুহৰ মঙহৰ বজাৰ ! Everyone”.
ওপৰৰ পোষ্টটো ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভালদৰে ফটোখন পৰ্যৱেক্ষণ কৰাত নিউজ মোবাইল ৰ দলে কেইবাটাও বিসংগতি দেখা পালে। গোটেইকেইন বাওঁহাত, দেখাত ৰঙা মঙহ যেন লাগে দিও মানব অংগ যেন ভাব নহয়।কেইখনমান হাতত কেৱল চাৰিটা আঙুলিহে আছে।ইয়াৰোপৰি শ্বকেচটোত একেটা দ্ৰব্যৰহে দাম লিখা আছে, তাত দ্ৰব্যবিধৰ কোনো বিৱৰণ নাছিল।
ফটোখন AIৰ দ্বাৰা নিৰ্মিত দ্ৰব্য বা কলা বিতাৰি উলিয়াব পৰা হাইভ মোডাৰেচনত দিয়াত — আমি ফটোখন ৭৪.২% AIৰ দ্বাৰা নিৰ্মিত বুলি জানিব পৰা গল।
গুগল লেন্সৰ জৰিয়তে ফটোখন পৰীক্ষা কৰাত আমি নিক আৰ্ট নামৰ এটা ফেচবুক পেজে ২০২৪ৰ ১৯ মাৰ্চত প্ৰচাৰ কৰা এটা পোষ্ট দেখা পালো। তাত “ভাইৰেল আৰ্ট” বুলি লিখা এখন লেবেল দেখা পালো। তাৰ বিৱৰণিত AI ইউনিভাৰ্ছ নামৰ গোটটোৱেই এই ফটোৰ উত্স ৱুলি ইংগিত দিয়া হৈছে।ইয়াতেই স্পষ্ট হয়, ফটোখন প্ৰকৃত নহয়, AIৰ দ্বাৰা নিৰ্মিত।