সত্যতা নিৰূপণ: ম’ডাৰ্ণাৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) ষ্টিফেন বাঞ্চেলৰ তোভিড-১৯ৰ প্ৰতিষেধক সম্পৰ্কে দিয়া মন্তব্যক ভুৱা দাবীৰে ভাইৰেল হৈছে

0 261

ডাৰ্ণাৰ CEO ষ্টিফেন বাঞ্চেলে বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum)ত দিয়া এটা ভাষণ শেহতীয়াকৈ ভাইৰেল হৈছে। দাবী কৰা হৈছে যে প্ৰতিষ্ঠানটোৱে কোভিড-১৯ সংক্ৰমণৰ পূৰ্বেই ১০০০০০ প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছিল।

ফেচবুকতো একেটা ভিডিওকেই একেই দাবীসহ প্ৰচাৰ কৰা হৈছে।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ভিডিওটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

আলোচিত এই ভিডিওটোৰ সম্পূৰ্ণ অংশ World Economic Forum ইউটিউব চেনেলত ২০২৩ৰ ৬ ফেব্ৰুৱাৰীত আপলোড কৰা হৈছে। dated ভিডিওটোৰ কেপচনত লিখা আছে-কিদৰে নিজা ব্যৱস্থাপনাৰ দ্বাৰা কোভিড-১৯ৰ অতিমাৰিক উপযুক্ত চিকিত্সা ব্যৱস্থা বা ডায়েগ্নষ্টিক, থেৰাপিউটিকচৰ সহায়ত ভয়ংকৰ স্বাস্থ্য সংকটৰ পৰা হাত সাৰিব পাৰি?”  ষ্টিফেনে তেওঁৰ ১০ মিনিটৰ ভাষণত এই সন্দৰ্ভত সুন্দৰ মন্তব্য কৰিছে।

আলোচনাচক্ৰৰ পৰিচালকগৰাকীয়ে বাঞ্চেলক কোভিড প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ শেহতীয়া কাৰ্যক্ষমতা সন্দৰ্ভত প্ৰশ্ন কৰিছিল। বাঞ্চেলে ইয়াৰ উত্তৰত কৈছিল-২০১৯ৰ বৰ্ষটোত অতিমাৰি আৰম্ভ হোৱাৰ সময়ত আমি ১০০০০০ প্ৰতিষেধক প্ৰস্তুত কৰিছিলো। মোৰ মনত আছে দাভোছৰ পাছত কাৰ্যালয়ত মই উত্পাদন শাখাৰ মুৰব্বীৰ সৈতে খোজকাঢ়ি আছিলো তেতিয়া কৈছিলো-কি?’ মই কৈছিলো, ‘হয়, আমি আহা বছৰ ১ বিলিয়ন প্ৰতিষেধক প্ৰস্তুত কৰিব লাগিব। ই মহামাৰিলৈ পৰিণত হবলৈ গৈ আছে।’”

বাঞ্চেলে (এএফপি) AFP ই-মেইলৰ জৰিয়তে স্পষ্ট কৰি দিছিল-এয়া সম্পূৰ্ণ অসত্য… মই কৈছিলো পৰ্যায় ক্ৰমেহে আমি সিমান সংখ্যক প্ৰতিষেধক প্ৰস্তুত কৰিছিলো। সম্পূৰ্ণ ২০১৯ বৰ্ষৰ আমাৰ উত্পাদিত প্ৰতিষেধকৰ সংখ্যা আছিল ১০০০০০টা… আৰু আমি আমাৰ উত্পাদন অহা বছৰ ১ ৱিলিয়নলৈ বৃদ্ধি কৰিব লাগিব। সেয়াই ডাঙৰ কথা।

ডাৰ্ণাই কোভিড-১৯ৰ প্ৰাদুৰ্ভাবৰ পাছতেই অৰ্থাত্ ২০১৯ৰ শেষৰ ফালে প্ৰতিষেধক প্ৰস্তুতিৰ কাম আৰম্ভ কৰিছিল। বিস্ব স্বাস্থ্য সন্থাই আহ্বান জনোৱাৰ পাছতহে মডাৰ্ণাই ২০২০ৰ মাৰ্চত কোভিড-১৯ৰ প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছিল। মাৰ্কিন খাদ্য আৰু ওষধ প্ৰশাসনে এই প্ৰতিষেধক  জৰুৰীকালীন ব্যৱহাৰৰ বাবে ২০২০ৰ ডিচেম্বৰত অনুমোদন জনাইছিল। ২০২১ৰ জানুৱাৰীতহৈ সম্পূৰ্ণকৈ অনুমোদন জনোৱা হৈছিল।   

এয়াই স্পষ্ট কৰে যে মডাৰ্ণাৰ CEO ষ্টিফেন বাঞ্চেলৰ মন্তব্যক বিভ্ৰান্তিকৰ ভাবে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।