সত্যতা নিৰূপণ: ভীম আৰ্মীৰ মুৰব্বী আজাদে মৌলনা মাদানীক সাৱতি ধৰা ২০১৮ চনৰ ফটো এখনকেই শেহতীয়া বুলি প্ৰচাৰ কৰা হৈছে

0 2,182

দলিত নেতা আৰু আজাদ সমাজ পাৰ্টীৰ (কাঁশীৰাম)ৰ প্ৰাৰ্থী চন্দ্ৰশেখৰ আজাদ উত্তৰ প্ৰদেশৰ নাগিনা সমষ্টিৰ পৰা জয়ী হৈছে। এনে সময়তে তেওঁ জমিয়ত-এ-হিন্দৰ অধ্যক্ষ মৌলানা আৰ্ছাদ মাদানীক সাৱতি ধৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনৰ সৈতে ২০২৪ৰ লোকসভা নিৰ্বাচন সাঙোৰা হৈছে।

ফটোখন ফেচবুকত শে্বায়াৰ কৰি কেপচনত লিখা হৈছে: “ভীম আৰ্মীৰ মুৰব্বী আৰু নৱনিযুক্তি সাংসদ চন্দ্ৰশেখৰ আজাদে দাৰুল উলুম দেৱবন্দত উপস্থিত হৈ হজৰত মোলানা আৰ্ছাদ মাদানীৰ হাত নিজৰ মূৰত ৰখালে।এই যৱনেতাজনক মউচলমানসকলে পছন্দ কৰাৰ মূল কথাটো হল তেওঁ সংকটৰ সময়ত মুছলমানসকলৰ কাষত থাকে। আৰু আজি প্ৰভাৱশালী হোৱাৰ পাছত আলিম এ দীন আৰু বয়োজ্যষ্ঠজনৰ আশীৰ্ৱাদ লোৱাৰ বাবে উপস্থিত হৈছে।

ওপৰৰ পোষ্টটোৰ লিংক (আৰ্কাইভ লিংক) ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভাইৰেল ফটোখন গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ   দলে  নৱভাৰত টাইমছ ৰ ৱেব ছাইটত ২০১৮ৰ ১৯ ছেপ্তম্বৰত প্ৰচাৰিত এখন ফটো দেখা পালে। তাত থকা বাতৰিটোত উল্লেখ আছে: “ভীম আৰ্মীৰ মুৰব্বীয়ে এতিয়া দেশজুৰি দলটোৰ সামাজিক পৰিসৰ প্ৰসাৰ কৰাৰ কথা ভাবিছে। দলটোৱে ইতিমধ্যে মুছলমান সংগঠনৰ সৈতেও সম্পৰ্ক ৰক্ষা কৰা আৰম্ভ কৰিছে।ভীম আৰ্মীৰ প্ৰতিষ্ঠাপক চন্দ্ৰশেখৰ আজাদে দেওৱন্দ ভ্ৰমণ কৰি জমিয়ত-এ-হিন্দৰ অধ্যক্ষ মৌলানা আৰ্ছাদ মাদানীক তেওঁৰ বাসভবনত সাক্ষাত্ কৰে। এই সাক্ষাত্ ৰাজনৈতিক ভাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

আমি একেখন ফটো ২০১৮ৰ ১৯ ছেপ্তাম্বৰত প্ৰকাশ কৰা ওবান ইণ্ডিয়া ৰ বেৱ ছাইটত দেখা পালো।বাতৰিটোত আছে-কাৰাগাৰৰ পৰা মুক্ত হৈ ভীম আৰম্ীৰ প্ৰতিষ্ঠাপক চন্দ্ৰশেখৰ আজাদে ২০১৯ৰ লোক সভা নিৰ্বাচিনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। মঙলবাৰে আজাদে জমিয়ত-এ-হিন্দৰ অধ্যক্ষ মৌলানা আৰ্ছাদ মাদানীক দেওবন্দত সাক্ষাত্ কৰে। তেওঁলোকে প্ৰায় ২০ মিনিট জুৰি ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়।

এই তথ্যই প্ৰমাণ কৰে যে ভাইৰেল ফটোখন ২০১৮ৰ, শেহতীয়া ফটো নহয়।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel